এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভীতি
মাজে– মধ্যে পপীয়া তৰাৰে জ্বলে
প্ৰশান্ত আকাশ
ৰাউচি এটাৰো সকলোতে বাস
ক’তো দমন নহ’ল
নাশ অথবা সৰ্বনাশ
সময়ৰ অদেখা দেহত সময়ৰ চাবুকৰ কোব
জীবন-মৃত্যুৰ কমি আহে দূৰত্ব
কেনি পলাওঁ, পথে পথে উজুটিয়াওঁ ডিঙি কটা শৱ
ক্ষীণকায় সুঁতি এটা আছে
তোমাৰ পৰা মোলৈ মোৰ পৰা তোমালৈ
নাও বাই মাকো এটাৰ দৰে উজাওঁ-ভটিয়াওঁ
ব’ঠাত লাগি আহে তেজ
মৰুময় মানুহৰ কঠিন তৰ্জনী
কোন শোৱে, কোন বহে, কোনে দুহাত জুইত পোৰে
চাকি নুমাই খঙাল নিশাহ
আয়ুধক বুজাব নোৱাৰি সমুখত প্ৰাণময় নিৰ্দোষ মঙহ
ঘৰবোৰ নাই প্ৰেমবোৰো ছাই
বিশ্বাসৰ ঘৰ, শুকান কলিজা ধোৱা মনৰ নিয়ৰ
আহিছে শুকাই
বাট এৰি জীৱনৰ আছে জানো বাট
সেয়ে আমি মুখামুখি হ’লোঁ, তোমাৰ চকুতে মোৰ
চকু দুটা চালোঁ— ভীতিৰে শীতল
হাতত থ’লোঁ হাত — সীমাহীন ক্ষোভেৰে তপত .........
৫৯