পৃষ্ঠা:ঢৌ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাঙঠ আকাশ
ছাদহীন তপত মানুহ হাড়ে-ছালে লগা
হাড়ে হাড়ে ঘৰ্ষণ, চকুত বিদ্যুত
তথাপিতো ইমান আন্ধাৰ ..........
কোন মেঘত আছে সৌদামিনী
আন্ধাৰৰ কাল-ক্ষণ গণি

চকুৰ পতাৰে নোৱাৰি ঢাকিব
চিক্‌মিক্‌ সপোন অথবা বিষাদ-লোতক
মুঠি মাৰি নোৱাৰি ঢাকিব ধূম্ৰায়িত ছিগাৰেট
ছাই হোৱা কলিজাৰ কয়লা বিষাদ
পৃষ্ঠা ভৰা বিজ্ঞাপনে নোৱাৰে ঢাকিব
দীনতাৰ নাঙঠ সাঁথৰ

বুজিছোঁ ইমান
চহাই-মৈয়াই সৈমান কৰাটো টান
দ-বাম অথবা পৰ্বত-ভৈয়াম
মঙহেই নুবুজে মঙহৰ দান

এতিয়াও পাহৰা নাই শৈশৱৰ খেল
চকুত কাপোৰ বান্ধি টেকেলি ভঙা হাত

শেষ হ’ব আহাৰৰ ষাঁঠ
হাতত কটাৰী আছেনে
অৰণ্যত কঁঠাল পকা দুপৰ
গছোৱাইক মাত

৫৩