পৃষ্ঠা:ঢৌ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঢাকনী

বহু পোছাকেৰে ঢাকিব নোৱাৰি হৃদয়ৰ ৰং
কামিজত নুলুকায় দেও লগা হাত

সাঁফৰৰ তলত সংগোপন চেতনাৰ অন্ধকাৰ পথ
অনুচ্চাৰিত শব্দৰ বন্ধ বাকচ
কিমান নিৰ্মাণ, কৌশল কিমান
মৌনতাৰ অহংকাৰ সঁচাৰ শিৰচ্ছেদ, মিছাৰ সোচ্চাৰ
ঢাকনীৰ তলত অচিন জীৱন বুকুত কৱচ

উজাৰি উলংগ বসন্ত চালি ধৰা ময়ুৰৰ দৰে
সেউজ মেখেলাত বুটা-বছা ফুল
নৈয়ে উভয়ে শুকান উপকূল বুকুৰ শিল
সাগৰে নুলুকুৱায় পাৰক যোগান ধৰে
বুকুৰ মাজৰ যতমানে ভুল

দুৰ্বলতা অক্ষমতা বাসনা অভিসন্ধি
ষড়যন্ত্ৰ লুকুৱাই ঢাকি ৰাখোঁ বুকু
‘মই’টোৰ গাত বিচিত্ৰ প্ৰলেপ ছাঁ-পোহৰৰ খেল

ক’ত লুকুৱাই থৈছা শাওণ মাহৰ নৈ
চাপৰিত এজাক খৰাং মানুহ
ফটা ওঁঠ ঢৌ উঠা হাত

তোমাৰ আছে চৌপাশে গড়, বন্ধ ঘৰ
সু-স্বাদু ব্যঞ্জনৰ গোন্ধত আমাৰ ঘ্ৰাণ জঠৰ
সোণৰ শিকলি ৰূপৰ পাণধোৱা
সৰ্গদেউ, ইমান গোপন তোমাৰ অভ্যন্তৰ!
শৰীৰত অভয় মুদ্ৰাৰে বোৱা অদৃশ্য চাদৰ
এক অভেদ্য ঢাকনী

৫২