পৃষ্ঠা:ঢৌ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাঁহী

অচিন অজান নিজান নিজৰ যেন
কাৰ বাঁহীত ব্যাকৰণহীন সুৰ
ওমলালি নিচুকালি
দেও পৰা এজাক বতাহ

দুখৰ শাকনিত ছাঁ
সুহুৰি মৰা ওঁঠত ঘা
বুকুত এমুঠন ডেমডেউকা
দেখুৱালি বাঁহতলৰ সুৰংগৰে
বেলি উঠাৰ বাট

জীৱন আকাশ-শূন্য এটা বন্ধ ঘৰ
অগণন ভাবেৰে উশাহ জঠৰ
বৰ কষ্টকৰ দুভৰিত দেহটোৰ ভৰ

সময়ৰ কঠিন কপাট
হলাহল ইফাল সিফাল
ফাল ফাল কলিজাত নিমখ নিমখ

তোমাৰ কণ্ঠ নে নিজৰ মাজতে শুনিলোঁ
এনুৱা বাঁহীৰ মাত

কপাট খহিল ঘৰটো ভাঙিল
সমুখত বিশাল পথাৰ

সুৰত মুকলি পকাধানৰ বাট
গৈ গৈ ভোগালীৰ চৰু-বাতি চুই
ফুমাৰি নুমাই কলিজা পোৰা জুই
শিতানত নিচুকনি-গীত

২৩