পৃষ্ঠা:ঢৌ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিশ্বায়ন

অজলা চকুত কজলা ধোঁৱা
মনি কি নমনি
ৰূপৰ চাকি সোণৰ গছা

পৈণত কলঠোকা দেৱতাক দিয়া
কোঁচ পাতি লোৱা মলঙা প্ৰসাদ
পূজাৰীৰ হাতৰ প্লাষ্টিকৰ ফুল

বতাহজাক কোবাল হৈছে
সাৰে আছনে কান্ধ পাতি
মূধচ পৰা ঘৰ

কিনো দেও লগা বা’
বৰগছ সাৰে, মানিমুনি মৰে
টেঙেচিত খাৰে ধৰে
অচিন পানীৰ বৰষুণ

এই ৰাতি নুপজিবি
উপজিয়েই কুঁজা হ’বি, সোণ

পিতাই মৰোঁ মৰোঁ
মোৰো বাঢ়িছে ধাৰ এদোণ-দুদোণ
বছৰটো পথাৰতে
তথাপিতো এবেলা লঘোণ

ওপৰত মাছ ভজা মঙহ ভজা
উগাৰ মৰাৰ গোন্ধ
এই ৰাতি নুপজিবি
অন্য এক দিনৰ দেখিছোঁ সপোন

১৯