পৃষ্ঠা:ঢৌ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিখৌ

উৰ্বৰা-গাভৰুৰ গোন্ধ সানি নামি অহা এটা চঞ্চল সাপ
লাস্য-নৃত্যৰ দেহত কিয় বাৰু উঠে তাণ্ডব নাচ

দেও লগা পাহাৰৰ নাদ
পটীত ডালে গোঁঠা জালৰ তলে তলে
ভৈয়ামত পাট গাভৰু পাহাৰত এৰি অহা কন্যাকাল
ঘাটে ঘাটে কলাফুল চুই মেঠনি-খোচনিত এপলক শুই
ভাটিয়ালী নাৱৰীয়াৰ গীত হৈ নিচুকালি চাপৰিয়াল

সুৰংগৰেও আছিল হেনো এখন দীঘলীয়া হাত
বাউসিতে পানী তোলা ঘাট
ৰং মহলৰ আন্ধাৰ-পোহৰত চোৱে কোনে আইচুদেউৰ দেহ
ইতিহাসৰ সিপাৰৰ অভ্যন্তৰ

বৰশিলত গদাপানিক দুভৰিৰ চাপ
কাষত ডালিমীৰ দীঘল ছাঁ-কঁপি কঁপি পানীত হেৰোৱা
কাঁইট, চাবুক আৰু দুৰন্ত আকাংক্ষা উজাব নোৱাৰি
নদীয়েদি ভটিয়াই গ’ল

এবাৰ,দুবাৰ, বহুবাৰ গৃহস্থ,অতিথি আৰু তস্কৰৰ তুমৰলি দেহ
ধুবলৈ নৈৰ থাকে হাত, সুঁৱৰিবলৈ থাকে দীঘলীয়া গান
ফটিক-পানীত মুখ চাই পাহৰিব পাৰিনে পাৰহৈ যোৱা তেজৰ বান

নৈ সাগৰ নহয়-সাগৰৰ প্ৰাণ
বুকুত সামৰি লৈ দান আৰু গ্ৰহণৰ দুৰ্ভেদ্য সাঁথৰ

কিনো বিষাদত শীৰ্ণ হয় নৈ
শিতানে-পথানে তৈল নগৰী, কলুষ-কালিমাৰে বিবৰ্ণ উদৰ
কঢ়িয়াব লাগে বন্ধ্যা মনৰ এবুকু জাবৰ

১৭