মজবুত আছিল। হাৰ্কাৰৰ বাহিৰেও তাত আৰোহী অন্য কেবাজনো আছিল। তেওঁলোকে বাগীখনৰ আসনবোৰ দখল কৰি ল'লে। হার্কাৰে তেওঁলোকৰ ভাষা বুজা নাছিল যদিও, দুই এটা শব্দ বুজাত অসুবিধা হোৱা নাছিল। হোটেল মালিকৰ পৰা তেওঁৰ গন্তব্যস্থানৰ বিষয়ে অৱগত হোৱা মাত্ৰেই আৰোহী কেইজনে ভীতিবিহ্বল দৃষ্টিৰে তেওঁলৈ চাইছিল। মাজে মাজে তেওঁলোকে বুকুত পবিত্র ক্ৰুছ আঁকি প্ৰাৰ্থনা কৰি আছিল, ‘ভগৱানে ৰক্ষা কৰক !’
কচোৱানজন যথেষ্ট পাৰ্গত আছিল। মসৃণ বাটেদি তেওঁ তীব্ৰ গতিত ঘোঁৰা
চেকুৰাই নিছিল। কিন্তু পাহাৰী এলেকাত সোমোৱাৰ পৰা বাগীখনৰ গতিবেগ
কিছু মন্থৰ হ'ল, কাৰণ ৰাস্তা বৰ ভাল নাছিল। ৰাস্তাৰ দুয়োকাষে বিস্তৃত ঘন অৰণ্য
পৰিব্যাপ্ত হৈ আছিল। চতুর্দিশে ভয়ংকৰ নীৰৱতাই পৰিবেশ আতংকময় কৰি
তুলিছিল। পাহাৰৰ ঢালেদি বাগীখন উঠি যাব লগা হোৱাত ঘোঁৰা কেইটা ফোপাই
গৈছিল। কচোৱানে ঘনে পতি ঘোঁৰাৰ গতি বঢ়াবলৈ চাবুকেৰে কৰি যোৱা উপৰ্যুপৰি
আঘাতৰ শব্দ শুনি বিৰক্ত হৈ হাৰ্কাৰে ক'লে, 'চোৱা ভাই ! পাহাৰৰ এই ঢালটোত
মই নামি খোজ কাঢ়ি যাওঁ । যেতিয়া ঢাল বগাই ওপৰৰ সমতল পামগৈ তেতিয়া
পুনৰ বাগীত বহিম।'
: ‘তেনে ভুল কেতিয়াও নকৰিব ডাঙৰীয়া!' কচোৱানে চীৎকাৰ কৰি
উঠিল। 'ইয়াত এনে ভয়ংকৰ কুকুৰ আছে- পথাচাৰী দেখিলেই তৎক্ষনাত ফালি
চিৰাচিৰ কৰি পেলাব।'
পশ্চিম দিগন্তত সূর্য ডুব গৈছিল। সন্ধ্যাৰ আগমণে চাৰিওদিশে ধূসৰ আচ্ছাদন পেলাইছিল। হাৰ্কাৰৰ মনত ভয়ৰ বীজ এই প্ৰথমবাৰৰ বাবে অংকুৰিত হ'ল। খিৰিকীৰ বাহিৰেদি সন্মুখলৈ চাওঁতে তেওঁ দেখিলে অন্ধকাৰৰ মাজত দূৰত পোহৰৰ স্ফুলিংগ এটা জিলিকিছে। স্ফুলিংগটো দেখি হাৰ্কাৰৰ লগতে তেওঁৰ সহযাত্ৰীসকলো ভয়ত উচপ খাই উঠিল। সেই পোহৰৰ স্ফুলিংগটো অন্ধকাৰৰ মাজত কোনো আশাৰ প্ৰতীক নাছিল, আছিল বিভীষিকা উদ্রেককাৰী। কচোৱানে ঘোঁৰা কেইটা দৌৰাবলৈ চাবুকেৰে ঘনে ঘনে কোবাবলৈ ধৰিলে। প্ৰহাৰৰ ভয়তে হওক বা বিভীষিকাৰ পৰা মুক্তি পাবলৈকে হওক ঘোঁৰা কেইটাই প্রাণটাকি দৌৰি পাহাৰৰ ঢাল বগাইছিল। পাহাৰৰ শীৰ্ষৰ সমতলত উপনীত হোৱা মাত্রেই ঘোঁৰা কেইটাই পূর্ণ উদ্যমেৰে দৌৰিবলৈ ধৰিলে। নির্জন পথত ঘোঁৰাৰ খুৰাৰ শব্দ আৰু বাগীৰ চকাৰ ঘৰঘৰনিৰ বাহিৰে আন একো শব্দই কাৰো কৰ্ণ গোচৰ হোৱা নাছিল