সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
■ ৭৫
ড্রাকুলা

আৰ্থাৰক জিপসী দলটো অনুসৰণ কৰিবলৈ পঠিয়াই দিলে। হার্কাৰে ঠিকেই সন্দেহ কৰি প্ৰফেচাৰক কৈছিল, 'ঠেলাগাড়ীখনত থকা কফিনটোৱে নিশ্চয় ড্রাকুলাব হ'ব !

 জিপসী দলটোৱে ঠেলি অনা গাড়ীখন তেওঁলোকৰ কেম্প থকা টিলাটোৰ পৰা আধা কিলোমিটাৰ আঁতৰত আছিল। প্ৰফেচাৰে ভাবিলে যদি বতাহত গুলী ফুটাই জিপসী দলটোক ভীতি প্রদর্শন কৰা হয় আৰু ডাঙৰ শিল দুটামান টিলাটোৰ পৰা বগৰাই দলটোৰ ৰাস্তা ৰুদ্ধ কৰা হয়, তেন্তে আৰ্থাৰহঁতে গৈ সিহঁতক লগ ধৰিব পাৰিব। তেওঁ কথাষাৰ চিন্তা কৰোতেই কুকুৰনেচীয়াৰ গোজৰণি তেওঁৰ কাণত পৰিল। প্ৰফেচাৰে চাৰিওফালে লক্ষ্য কৰোতে দেখিলে - পিশাচ সম্রাটক স্বাগতম জনাবলৈ কুকুৰনেচীয়া জাক এটা বাটৰ ফালে আহি আছে ।

 প্ৰফেচাৰে সময় অপব্যয় নকৰিলে। টিলাৰ ওপৰত থকা গধুৰ শিল এটা তেওঁ গাৰ জোৰেৰে ঠেলিলে। প্রকাণ্ড শিলটো কিঞ্চিৎ লৰচৰ কৰি পুনৰ স্থিৰ হৈ ৰ'ল। তেওঁ আকৌ গাৰ জোৰেৰে ঠেলিলে, এইবাৰ শিলটো ঘৰঘৰণি তুলি তললৈ বাগৰিবলৈ ধৰিলে। খন্তেকৰ পাছত সি মাজবাটত আহি পৰিল ।

 জিপসী দলটোৱে ভয়তে ওপৰলৈ চালে। টিলাত প্ৰফেচাৰক দেখি দলপতিজনে চাবুকডাল ঘূৰাই খঙত গালি পাৰিবলৈ ধৰিলে। গতি বিষম দেখি প্রফেচাৰে পিস্তল উলিয়াই ল'লে। ইতিমধ্যে বাকী সংগী কেইজনো আহি পাইছিল।

 প্ৰফেচাৰ টিলাটোৰ পৰা নামি আহি জিপসী দলপতিক ঘোঁৰাৰ পৰা নামি আহিবলৈ আদেশ দিলে। কিন্তু সি ওলোটাই প্ৰফেচাৰক আক্ৰমণ কৰিলে। প্ৰফেচাৰৰ পিস্তলৰ গুলী গৈ ঘোঁৰাটোৰ পেটত লাগিল। হিঁ-হিঁয়নি তুলি ঘোঁৰাটো লুটিখাই পৰাৰ পূৰ্বেই দলপতি জাপ মাৰি মাটিত নামিল। তেওঁৰ আদেশত জিপসীবোৰে চুৰী-ডেগাৰ, যাঠি লৈ চাৰিজনীয়া দলটোক আক্ৰমণ কৰিবলৈ খেদি আহিল। ইতিমধ্যে প্রত্যেকেই নিজৰ পিস্তলকেইটা প্ৰতি আক্ৰমণ কৰিবলৈ সাজু কৰি লৈছিল ।

 মাটিত নামিয়ে দলপতিয়ে প্ৰফেচাৰক আক্ৰমণ কৰিবলৈ খেদি আহিল। ঠিক এনেতে গুলী এটা আহি তাৰ কান্ধ ভেদ কৰি গ'ল। সি ক্ষতস্থান ডোখৰ ধৰি পলাবলৈ যাওঁতেই হার্কাৰে তাৰ ভৰি লক্ষ্য কৰি গুলী এৰিলে, লগে লগে হুংকাৰিলে, “খবৰদাৰ! পলাবলৈ চেষ্টা নকৰিবি !' গুলী খাই দলপতি হামখুৰি খাই পৰিল ।

 আৰ্থাৰে ঠেলা গাড়ীৰে ঘেৰি থকা জিপসীবোৰক উদ্দেশ্য কৰি চিঞৰি উঠিল, 'আৰত! আঁতৰ ইয়াৰ পৰা, নহ'লে আটাইকেইটা গুলী খাই মৰিবি।' কৈ কৈ পিস্তলটো জোকাৰি তেওঁ গাড়ীখনৰ কাষ চাপিল।