সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
■ ৭১
ড্রাকুলা

৷৷ ২৪ ॥

 : ‘ড্রাকুলাই আমাৰ ওপৰত প্ৰতিশোধ যে ল’ব সেয়া নিশ্চিত, কিন্তু তাৰ আগেয়ে সি আত্মৰক্ষাৰ সুবন্দৱস্ত কৰি ল'ব। আমি বিচাৰি উলিয়াব নোৱাৰা পঞ্চাশ নম্বৰ চন্দুক কফিনটোতে সি আশ্ৰয় লৈ আছে। সেই চন্দুকটো বুদ্ধিৰে আমাৰ অগোচৰে লুকুৱাই সি নিজে ইংলণ্ড ত্যাগ কৰি গৈছে।' জনাথন হাৰ্কাৰৰ ঘৰৰ কোঠাত বহি প্ৰফেচাৰে অন্য সংগীসকলৰ আগত কৈ গ'ল ।

 : ‘ভূত-পিশাচ সিহঁতৰো আত্মৰক্ষা প্ৰবণতা আছে আৰু সেই প্রবণতা অতি প্ৰখৰ নিৰাপদ আশ্রয়স্থলী এডোখৰ পালেহে, সিহঁতে প্ৰতি আক্ৰমণৰ চেষ্টা কৰে। গতিকে সি কফিনত সোমাই ক'ত আশ্ৰয় লৈছে, জানিব লাগিব।'

 : ‘ড্রাকুলা যদি ইংলণ্ডৰ পৰা পলাই গৈছে, আমি তাক ক'ত বিচাৰি পাম ?'

 : “মীনাৰ সহায়ত। যদি মীনাই সন্মতি প্রকাশ কৰে।

 সন্মুখৰ চকী এখনত মীনা বহি আছিল। প্ৰফেচাৰৰ মন্তব্য শুনি সকলোৱে মীনালৈ চালে।

 : ‘জন-কল্যাণৰ হকে মই যিকোনো ধৰণে সহায় কৰিবলৈ সাজু আছো।' মীনাৰ কণ্ঠস্বৰৰ দৃঢ়তাই সকলোকে সকাহ দিলে। প্ৰফেচাৰে তেওঁক চকীত বহুৱাই পূৰ্বাপৰৰ দৰে সন্মোহন কৰি সুধি গ'ল। মীনাই বৰ্ণনা কৰি গ'ল, 'পানী — সকলো দিশতে পানী— জাহাজ চলাৰ শব্দ, হয় পুৰণা কাঠৰ চন্দুক এটা আছে— মানুহৰ মাত- কথা— '

 :“তুমি ক'ত আছা ?’

 : ‘নাজানো। পানী- চাৰিওফালে পানী, চপ-চপনিৰ শব্দ....’

 প্ৰফেচাৰে আৰু অধিক প্ৰশ্ন নুসুধি মীনাক স্বাভাবিক স্থিতিলৈ ঘূৰাই আনিলে।

 : ‘মই ঠিকেই সন্দেহ কৰিছিলো। ড্রাকুলা জাহাজেৰে পলাইছে। সি নিশ্চয় পূৰ্বৰ বন্দৱস্ত মতেই সুযোগ বুজি বন্দৰ এৰি গৈছে।' প্ৰফেচাৰে ক'লে।

 : ‘তেন্তে উপায় ?’ উদ্বিগ্নতাৰে জনাথন হাৰ্কাৰে সুধিলে।

 : ‘আমিও ড্রাকুলাক অনুসৰণ কৰি ভ্ৰমণলৈ যাব লাগিব। সি সুযোগ লোৱাৰ পূর্বেই আমি তাক ধ্বংস কৰিব লাগিব।'


 সিদিনা আবেলি তাতে আকৌ সকলো একত্ৰিত হ'ল। কিংচী আৰু আৰ্থাৰে বন্দৰলৈ গৈ খবৰ লৈ আহিল যে, 'জৰীনা কেথৰীন' নামৰ জাহাজ এখন পুৱাতে লণ্ডনৰ পৰা গৈলাজলৈ যাত্ৰা কৰিছে। সকলো ৰেলেৰে তালৈ যাত্ৰা কৰিবলৈ সাজু হ'ল।

 আসন সংৰক্ষণ কৰা হ'ল আৰু নিৰ্দিষ্ট সময়ত ৰেলেৰে পেৰিছ আহি পাই তেওঁলোক তাৰ পৰা অৰিয়েণ্ট এক্সপ্রেছেৰে ৱাৰ্ণা হৈ গৈলাজত উপস্থিত হ'ল। গৈলাজত