সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮ ■
ড্রাকুলা


 প্ৰফেচাৰ হেচ্‌লিংগে বুদ বুদাই মন্ত্ৰ উচ্চাৰণ কৰি হাতেৰে মীনাৰ মুখৰ আগত কিছু অংগী-ভংগী কৰিলে। মীনা ক্ষন্তেকপৰ ছটফটাই এসময়ত স্থিৰ হৈ ৰ'ল ।

 : ‘চকু বন্ধ কৰা, মাজনী।' প্ৰফেচাৰে আদেশ দিলে। ‘এতিয়া টোপনি যোৱা, যোৱা— টোপনিত গৈ থাকা – যোৱা ভয় নকৰিবা মোৰ কথামতে গৈ থাকা— মই যিদৰে ক'ম তেনেকৈ কৰিবা, শোৱা হৈছে— গভীৰ নিদ্ৰা যোৱা....' প্ৰফেচাৰৰ আদেশৰ লগে লগে মীনাৰ শৰীৰটো কিঞ্চিৎ লৰচৰ কৰি গভীৰ নিদ্ৰাত মগ্ন হ'ল। টোপনিতে কিন্তু মীনাৰ চকুৰ পটা দুটাৰ ভিতৰত লৰচৰ কৰি থকা প্ৰফেচাৰৰ দৃষ্টি গোচৰ হৈছিল।

 পাতল আন্ধাৰে আবৰা কোঠাটোত কেৱল নিশ্বাসৰ শব্দৰ বাহিৰে আন একো শব্দ নাছিল। প্ৰফেচাৰে পুনৰ ক'ব ধৰিলে, 'তুমি এতিয়া ড্রাকুলাৰ লগতে গৈ আছা । মোক কোৱাচোন, ড্রাকুলা এতিয়া ক'ত আছে, কি কৰিছে ?”

 মীনাই মাত্ৰ অস্থিৰতাৰে গাটো জোকাৰিলে। প্ৰফেচাৰে প্ৰশ্ন কেইটা পুনৰ দোহাৰিলে। তেওঁৰ চেহেৰাৰ কিছু পৰিৱৰ্তন হ'ল। কোঠাত থকা বাকী কেইজনে উশাহ বন্ধ কৰি মীনাৰ ফালে চাই ৰ'ল। মীনাই ওঁঠ দুখন লৰাই কিবা বুদবুদালে। তাৰ পাছত কিঞ্চিত স্পষ্ট ভাষাৰে ক’ব ধৰিলে – ‘গলি এটা আছে— নহয়, আনটো গলি

 : “কৈ যোৱা মাজনী— তাৰ পাছত ?' প্ৰফেচাৰে পুনৰ আদেশ দিলে। কিছুসময় নীৰৱতাৰ পাছত মীনাই ক’বলৈ ধৰিলে, 'ড্রাকুলা ভয়ত পলাইছে ...

 : “কৈ যোৱা, হৈছে ।'

 : “পিকেডেলী, জমৈকা, জমৈকা লেন ... কফিন তাত আছে।'

 : ‘ঘৰ, পুৰণা মহল দেখিছানে ? তালৈ সোমাই যোৱা – চোৱা – ড্রাকুলাৰ কফিনটো ক'ত আছে ?” প্ৰফেচাৰে অধৈৰ্য হৈ সুধিলে।

 : ‘পুৰণা মহল, বহুত কফিন। আন্ধাৰ কোঠা— ভীষণ আন্ধাৰ, পোহৰ নাই। ড্রাকুলা ইয়াৰে এটা চন্দুকৰ কফিনত আছে–।'

 : ‘কফিন কেইটা গণিব পাৰিবা নে ? ' প্ৰফেচাৰে সুধিলে ।

 উত্তৰত মীনাই বুদবুদালে, তাৰ পাছত নিশ্চুপ হৈ ৰ'ল। প্ৰফেচাৰে প্ৰশ্নটো পুনৰ সুধিলে, কিন্তু মীনাই একো উত্তৰ নিদিলে। তেওঁ বুজিলে, মীনাক আৰু অধিক হিপ্‌ন'টিমাইজড্ কৰি থ'লে তাইৰ প্ৰাণৰ সংশয় হ'ব পাৰে।

 : ‘ওভতি আহা, তোমাৰ জগত খনলৈ ওভতি আহা, জাগা, সাৰ পোৱা’ প্ৰফেচাৰে কৈ কৈ মীনাৰ মুখৰ আগত হাতেৰে পুনৰ অংগী-ভংগী কৰিব ধৰিলে।

 মীনা হাৰ্কাৰৰ শৰীৰ ক্ৰমাৎ শিথিল হৈ আহিল। ক্ষন্তেক পিছতে তেওঁ চকু মেলিলে। সন্মুখত থিয় হৈ থকা প্ৰফেচাৰে হাঁহি মাৰি ক'লে, “ভাল সাহস দেখুৱালা মাজনী, আমাক বহুত সম্ভেদ দিলা। ভাগৰ লাগিছেনেকি ?‘

 : ‘নাই লগা।‘ মীনাই মিচিকিয়াই ক'লে যদিও, তেওঁৰ মুখমণ্ডলত বিৰিঙি উঠা