সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
■ ৬৭
ড্রাকুলা

হাতৰ পৰা ট্ৰেখন লৈ ক'লে, 'আপুনি মিছাতে কষ্ট কৰিছে?” ট্ৰেখন মেজত থৈ চাহ বকাত ডাক্তৰে মীনাক সহায় কৰি দিলে। তেওঁৰ দৃষ্টি কিন্তু মীনাৰ কপালৰ বাওঁ চুকত থকা দগদগীয়া ৰঙা ঘা টুকুৰাতে নিৱদ্ধ হৈ আছিল। প্ৰতিশোধৰ জ্বালাত যোৱা নিশা ড্ৰাকুলাই মীনাক এৰি যাবৰ পৰত বাওঁ কপালৰ চুকটো জ্বলাই দি গৈছিল।

 সকলোৱে মনে মনে চাহ খাবলৈ ধৰিলে। কিন্তু প্ৰত্যেকৰে মূৰত চিন্তাৰ পাকঘূৰণি খাই আছিল। সকলোৱে হেচ্লিংগলৈ আগ্ৰহেৰে চাই আছিল যদিও তেখেত যে গভীৰ চিন্তাত ডুব গৈ আছিল, সেয়া তেখেতৰ মুখৰ অভিব্যক্তিৰ পৰাই ধৰিব পৰা গৈছিল। সম্পূৰ্ণ নিস্তব্ধভাবে প্ৰায় দহমিনিট অতিক্ৰম হ'ল। এনেতে মীনাই কাঁহ মাৰি নিস্তব্ধতা ভংগ কৰিলে। প্ৰফেচাৰে চিন্তাৰ গভীৰতাৰ পৰা মূৰ তুলি তেওঁলৈ চালে। তাৰ পাছত কিংচীক আদেশ দিলে, 'খিৰিকীৰ পৰ্দাবোৰ মেলি দিয়া।' আৰ্থাৰেও বুজিলে, প্ৰফেচাৰে কিবা আলোচনা কৰিব খুজিছে। গতিকে কিংচীৰ সৈতে তেওঁ লৰালৰিকৈ পৰ্দাবোৰ মেলি দিলে। পাতল আন্ধাৰে কোঠাটো আবৰি ধৰিলে।

 : ‘মোৰ কথাবোৰ সকলোৱে মনোযোগেৰে শুনা। ক'বলগীয়া কথাবোৰ ডাঃ চীৱাৰ্ডে অৱশ্যে বুজি পাব, বাকী কিজনেও বুজিবলৈ চেষ্টা কৰিবা। যোৱা নিশা ড্ৰাকুলাই মীনাক আক্ৰমণ কৰাৰ পাছৰ পৰা তাৰ পৈশাচিক শক্তিৰ এটা ক্ষুদ্ৰ অংশ মীনাৰ শৰীৰত এৰি গৈছে। মীনাৰ কপালত থকা ৰঙা ঘা টুকুৰা অপবিত্ৰতাৰ প্ৰতীক। সেইকাৰণে অৱশ্যে মীনাই ভয় খাব নালাগে।' মীনাক আশ্বস্ত কৰি প্ৰফেচাৰে কৈ গ'ল, “কিন্তু এই চিনটো আমি ড্ৰাকুলাক ধ্বংস কৰাত প্ৰযুক্ত কৰিব পাৰিম। ড্ৰাকুলা আৰু মীনাৰ শৰীৰৰ মাজত এক সুক্ষ্ম সম্বন্ধ আছে। ম‍ই যদি মীনাক হিপ্‌ন'টিমাইজড্ কৰো, অৰ্থাৎ যাদু বিদ্যাৰে অচেতন কৰি দিওঁ, তেতিয়া মীনাৰ অৱচেতন মনত ড্ৰাকুলাই সৃষ্টি কৰা তৰংগৰ মাধ্যমেৰে পিশাচটোৰ গতি বিধিৰ উমান ল'ব পাৰিম। যোৱানিশা ধূৰ্ত পিশাচটোৱে অতি চালাকিৰে আমাৰ চকুত ধূলি মাৰি এই অঞ্চলৰ পৰা পলাল। এতিয়া সি মীনাৰ শৰীৰত এৰি যোৱা পৈশাচিক তৰংগৰ সহায়তহে তাৰ গতিবিধিৰ সন্ধান পাম।'

 কথাখিনি কৈ তেওঁ মীনালৈ চালে। ‘তুমি ভয় কৰিব নেলাগে। মই মাথো দহ- পোন্ধৰ মিনিটহে মোহাচ্ছন্ন কৰিম। তুমি দুখ-কষ্ট একো নোপোৱা। এতিয়া ব'লা - সৌ চকীখনত আৰামেৰে বহাগৈ।' প্ৰফেচাৰে মীনাক আঁতৰত থকা আৰামী চকীখন দেখুৱাই ক'লে।

 মনত সাহ গোটাই মীনা গৈ সেই চকীখনত বহিলগৈ।

 : ‘এতিয়া মনৰ পৰা আন সকলো চিন্তা, ভয় আঁতৰাই আৰামেৰে বহা আৰু মোলৈ চোৱা।' প্ৰফেচাৰে মীনাৰ কাষ চাপি নিৰ্দেশ দিলে। তেওঁ মোহাচ্ছন্ন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি ক'লে, 'এতিয়া মোৰ চকুলৈ চোৱা, আনফালে নাচাবা, মোৰ চকুলৈ একেৰাহে চাই থাকা।'