সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
■ ৬৫
ড্রাকুলা


 : ‘কোন হয় ?” কিংচীয়ে চিঞৰি সুধিলে ।

 : 'মই, ডাক্তৰ চীৱাৰ্ড ! কি হৈছেনো? কৈ কৈ তেওঁ কোঠালৈ সোমাই আহিল। 'হে প্রভু! ইহঁত হালৰ কি হ'ল?' চীৱাৰ্ডে আচৰিত হৈ সুধিলে।

 মীনা হাৰ্কাৰৰ মুখমণ্ডল শেঁতা হৈ গৈছিল। ড্রাকুলাই জোৰেৰে ধৰি থকাৰ বাবে তেওঁৰ হাতৰ ঠাৰিত চিন বহি গৈছিল। ডিঙিৰ পৰা ৰক্তধাৰা বৈ তেওঁৰ কাপোৰ ৰক্তাক্ত কৰি তুলিছিল। চেতনা ঘূৰাই পাই তেওঁ দুয়ো হাতেৰে মুখ ঢাকি উচুপিবলৈ ধৰিলে।

 : ‘ড্রাকুলাই হার্কাৰক বেহুছ কৰি থৈছে। সি ক'লৈ গৈছে ম‍ই জানো । তুমি ইহঁত হালক চোৱা-চিতা কৰা । মই পিশাচটোক বিচাৰি যাওঁ।' প্ৰফেচাৰে ডাক্তৰক কৈ কোঠাৰ পৰা ওলাই গ'ল।

॥২২॥

 বিছনাত মীনা এনেয়ে বাগৰি আছিল। বাৰে বাৰে নিদ্রা দেবীক আহ্বান কৰা স্বত্ত্বেও নিদ্রা দেবীয়ে তেওঁক লগ দিয়া নাছিল ।

 মীনাৰ চকু পটা দুটা বহু চেষ্টাৰ পাছত লগ লাগিছিলহে । এনেতে পগলা ফাটেকৰ পৰা একেলগে বহু কুকুৰে ভুকাৰ শব্দ তেওঁৰ কাণত পৰিল। ভুক-ভুকনিৰ শব্দ কিছুপৰ ভাহি অহাৰ পাছত হঠাতে সকলো নীৰৱ হৈ পৰিল। মীনা শোৱাৰ পৰা উঠি খিৰিকী মুখলৈ গৈ বাহিৰলৈ জুমি চাই কি হৈছে বুজিবলৈ চেষ্টা কৰিলে।

 বাহিৰত ইতিমধ্যে ৰহস্যময় নীৰৱতাই বিৰাজ কৰিছিল। বাহিৰত অস্তমিত চন্দ্ৰৰ ক্ষীণ পোহৰে কুঁহেলিকাৰ সৃষ্টি কৰিছিল। এনেতে মীনাই দেখিলে কুঁৱলীৰ চলমান ৰেখা এডাল কঁপি কঁপি ঘৰটোৰ ফালে আহি আছে। কুকুৰৰ ভুকনি ইতিমধ্যে নোহোৱা হৈছিল। খিৰিকীয়েদি বাহিৰলৈ মূৰ উলিয়াই সেই কুঁৱলীৰ চলমান ৰেখাডালনো কি, অনুধাৱন কৰিবলৈ চেষ্টা কৰোতে ৰেখাডাল অদৃশ্য হৈ গ'ল। বতাহত সৃষ্টি হোৱা কঁপনিৰ ফলত দৃষ্টি ভ্ৰম হৈছে বুলি নিশ্চিত হৈ আন সন্দেহজনক একো নেদেখি মীনা বিছনালৈ ওভতি আহি দীঘল দি পৰিল। কিন্তু নিদ্রা দেবীয়ে মীনাক অকণো অনুকম্পা নকৰিলে।

 পগলা ফাটেকৰ পৰা ৰেনফিল্ডৰ চিঞৰ-বাখৰ আৰু হট্টগোল আহি ৰিণিকি- ৰিণিকি মীনাৰ কাণত পৰিব ধৰিলে। নিদ্ৰাৰ আশা ত্যাগ কৰি তেওঁ পুনৰ শোৱাৰ পৰা উঠি খিৰিকীৰ কাষলৈ গ'ল। আকাশত ইতিমধ্যে পাতল ডাৱৰৰ টুকুৰা থুপ খাইছিল। ডাৱৰবোৰ যেন বিল্ডিঙটোৰ ওপৰতে থুপ খাই থিৰ হৈ ৰৈছিল। ইতিমধ্যে ৰেনফিল্ড চিঞৰ-বাখৰ আৰু ভয়াৱহ ধৰণে কন্দাৰ শব্দই মীনাকো আতংকিত কৰি তুলিলে । তেওঁৰ ধাৰণা হ’ল, এই বিৰাট ঘৰটোত তেওঁ অকলে শোৱনি কোঠাত আছে। ভয়তে