ৰেনফিল্ডৰ কোঠাৰ বাহিৰত নাৰ্চ-ৱাৰ্ডবয় আদিৰ ভীৰ দেখি ডাক্তৰে চিঞৰি
সুধিলে, ‘কি হ'ল ?”
: ‘আমি তাৰ চিঞৰ শুনি দৌৰি আহিছিলো। আহি দেখো সি মজিয়াত পৰি ছটফটাই আছে। মুখেৰে সেয়া তেজ ওলাই আছে।' নাৰ্চ এগৰাকীয়ে ডাক্তৰক ৰিপ'ৰ্ট দিলে।
: ‘চাওঁ ! ভীৰ নকৰিবা, মোক চাবলৈ দিয়া।' ডাক্তৰে কৈ ৰেনফিল্ডৰ কাষ চাপিল। তেওঁ তাক বিচনাত শুৱাবলৈ নিৰ্দেশ দি ইনজেকচন এটা দিলে।
ক্ষন্তেক পিছতে সি চেতনা ঘূৰাই পালে। তাৰ ওঁঠ দুটা কঁপি থকা দেখি ডাক্তৰৰ নিৰ্দেশত নাৰ্চ এগৰাকীয়ে তাৰ মুখত ব্রাণ্ডী দুচামোচ বাকি দিলে। ব্রাণ্ডী গলাধঃকৰণ কৰাৰ পাছতে সি লাহে লাহে চকু মেলিলে । তাৰ পাছত ইফালে সিফালে চাই ক'লে, ‘ডাক্তৰ চাহাব! মোৰ শেষ সময় আহি উপস্থিত হ'ল। বিদায়— ডাক্তৰ— মৰাৰ আগতে আপোনাক দুষাৰমান কৈ যাওঁ শুনক, যোৱা নিশা পিশাচটো আকৌ আহিছিল। খিৰিকীয়েদি কুঁৱলীৰ ৰূপত সি কোঠাত সোমাই নৰদেহ ধাৰণ কৰিলে। তাৰ ৰঙা চকু দুটাৰে যেন জুইহে ওলাইছিল- তাৰ জোঙা কুকুৰ দাঁত দুটাৰ চেহেৰাতো অতি ভয়ানক আছিল।'
: ‘আপোনালোকে মোৰ কথা বিশ্বাস কৰে নে নকৰে নাজানো ! সি কিন্তু সঁচাকৈয়ে আহিছিল। তাক অত্যন্ত ভয়ানক লাগিছিল।' সেহাই সেহাই ৰেনফিল্ডে কথাখিনি কৈ গ'ল। ‘মোৰ কোঠাত সোমাই সি চয়তানী হাঁহিটো মাৰি ক'লে, ৰেনফিল্ড, তোমাৰ সাহাৰ্যত আজি নাৰী এগৰাকীৰ তাজা তেজ পিবলৈ সুবিধা পালো। সিহঁতে মোক ধ্বংস কৰিবলৈ চেষ্টা কৰিছে, কিন্তু সিহঁতে বুজা নাই— মই কি বস্তু !‘
: ‘ড্রাকুলাৰ কথাৰ পৰা বুজিলো – সি নিশ্চয় মীনা হাৰ্কাৰৰ বিষয়ে কৈছে । তাৰ কথা শুনি খঙতে মই তাক আক্ৰমণ কৰিলো। সি মোক দুহাতেৰে দাঙি ইমান জোৰেৰে মজিয়ালৈ দলিয়াই দিলে যে মূৰটো থেতেলা খাই ফাটি গ'ল। মুখেদি তেজ ওলাল। মই ...’
ডাঃ চীৱাৰ্ডে তৎক্ষণাত গৈ ব্ৰাণ্ডীৰ বটলটোৰ পৰা আৰু দুটোপালমান তেওঁৰ মুখত ঢালি দিলে। ৰেনফিল্ডে বহু কষ্টৰে চকু আধা মেলি চালে। ক্ষীণ কণ্ঠেৰে সেহাই সেহাই ক’লে, “ডাক্তৰ চাহাব, মীনা হাৰ্কাৰক পাৰিলে ৰক্ষা কৰক।' বাক্য শেষ নৌহওতেই তেওঁ দুবাৰ হোকটি খালে, তাৰ পাছত ডিঙিতো বেঁকা কৰি থৰ হৈ গ'ল।
ইতিমধ্যে প্ৰফেচাৰ হেচ্লিংগো আহি উপস্থিত হৈছিল। ৰোগীৰ কথা-বতৰা শুনি তেওঁ মন্তব্য কৰিলে, ‘সকলো শেষ হৈ গ'ল। এওঁক কবৰ দিয়াৰ ব্যৱস্থা কৰা। ডাক্তৰ চীৱাৰ্ড, তুমি ইয়াতে থাকা। আৰ্থাৰ, কিংচী হাৰ্কাৰৰ ঘৰলৈ যাওঁ ব'লা।'
: ‘তেওঁলোক এতিয়া শুই থাকিব পায় !” কিংচীয়ে ক'লে।