কৰিবলৈ পবিত্ৰ কাঠৰ শূলেৰে তাৰ বুকু ভেদ কৰি তাৰ দেহৰ পৰা মস্তক ছিন্ন কৰিব লাগিব। তেহে ড্ৰাকুলা পিশাচ যোনীৰ পৰা মুক্তি পাব। মই প্ৰাচীন মিচৰীয় তন্ত্ৰ শাস্ত্ৰ আৰু ভাৰতীয় তন্ত্ৰ শাস্ত্ৰ অধ্যয়ণ কৰিছিলো, তাৰ পৰাহে এই বিষয়ে জানিব পাৰিছো।' প্ৰফেচাৰে কৈ গ'ল।
: ‘জনাথন হাৰ্কাৰৰ ডায়েৰীৰ পৰা এইটো স্পষ্ট হৈছে যে, ড্ৰাকুলাই বৃটিছ কোম্পানীৰ জাহাজত মাটিৰে ভৰা পঞ্চাশটা চন্দুক হিটৰীলৈ পঠিয়াইছিল। মোৰ ধাৰণা তাৰ কেইটামান চন্দুক কাৰফেক্স মহলত নিশ্চয় পৰি আছে। তাৰ পৰা আন কেইটামান চন্দুক আন ক'ৰবালৈ পঠিয়াইছে— কিন্তু ক'লৈ? কাৰফেক্স মহলটো ডা: চীৱাৰ্ডৰ পগলা চিকিৎসালয়খনৰ লগতে লাগি আছে। মিঃ কিংচীয়ে হাৰ্কাৰৰ লগত গৈ খবৰ কৰা -- বাকী চন্দুক কেইটা ক'ত আছে?'
প্ৰফেচাৰৰ কথা শেষ নহ'লেই, পিস্তলেৰে গুলী মৰাৰ শব্দই সকলোকে চকিত কৰি তুলিলে। গুলীটোৱে কোঠাৰ খিৰিকীয় আইনা এখন ঝনঝনাই ভাঙিলে। মীনাই ভয়তে জোৰেৰে চিঞৰি দিলে। তেতিয়াই কোঠাৰ মুখ্য দৰজা খুলি কিংচী সোমাই আহিল।
'আমনি কৰাৰ বাবে ক্ষমা কৰিব। দৰাচলতে মই চকীখনত বহি প্ৰফেচাৰৰ বক্তৃতা শুনি থাকোতে মন কৰিলো সন্মুখৰ খিৰিকীৰ আইনাৰ বাহিৰত ছাঁ এটা লৰচৰ কৰি আছে। এনেতে দেখিলো বৃহদাকাৰ বাদুলী এটাই খিৰিকীৰ কাঁচ ভাঙি যেন সোমাবলৈ চেষ্টা কৰি আছে। মই সেইফালে মু কৰি বহি থকাৰ কাৰণে দৃশ্যটো মোৰ চকুত পৰিছিল। আনসকলে মন কৰা নাছিল। সকলোৱে প্ৰফেচাৰৰ কথা একমনে শুনি থকাৰ বাবে মই একাগ্ৰতা ভংগ নকৰি মনে মনে দৰজা খুলি ওলাই গৈ বাদুলিটোক গুলীয়াই দিলো। সম্ভব বাদুলীটোৰ গাত গুলী নালাগিল। বৰঞ্চ, গুলীটোৱে খিৰিকীৰ কাঁচ ভাঙি প্ৰফেচাৰৰ মূৰৰ ওপৰেদি আহি বেৰত আঘাত কৰি পৰি গ'ল। বাদুলীটো কিন্তু ফৰফৰাই কাৰফেক্সৰ সেই পুৰণি মহলটোলৈ উৰি গ'ল।'
হেচ্লিংগ আৰু হাকাৰে এজনে আনজনৰ চকুলৈ চালে। তাৰপাছত দুয়ো তলমূৰকৈ গভীৰ চিন্তাত নিমগ্ন হ'ল।
॥ ২০॥
ড্ৰাকুলা লুকাই থকা কফিন বাকচ কেইটাৰ সন্ধানত কিংচী আৰু হাৰ্কাৰ লণ্ডনলৈ পাছদিনা পুৱা যাত্ৰা কৰিলে। তেওঁলোকে বিখ্যাত উকিল মিঃ ৱিলিংটনক সাক্ষাৎ কৰি জাহাজত অহা পঞ্চাশটা বাকচৰ বিষয়ে যেতিয়া সুধিলে- উকিলজনে সকলোবোৰ