দেখুওৱা হোৱা নাই। তাত কিন্তু মোৰ সম্পূৰ্ণ অভিজ্ঞতাবোৰ লিখা আছে। মীনাৰ বৰ্ণনা শুনি মোৰ সেই ভয়াৱহ অভিজ্ঞতাৰ বিষয়ে মনত পৰি গ'ল। সিদিনা প্ৰাণৰ মমতাত পুৰণি মহলৰ খিৰিকীয়েদি তললৈ জপিয়াই ঘাঁহ বনৰ ওপৰত নিশাটো অচেতন হৈ পৰি আছিলো। প্রভাতী কিৰণে মোক তাৰ পৰা পলাই আহিবলৈ সাহস দিছিল। যীচুৰ কৃপাত আৰু ভাগ্যৰ বলতহে তাৰ পৰা বাচি আহিলো।'
: ‘তুমি যে মোক ডায়েৰী দুখনৰ বিষয়ে একো কোৱা নাছিলা।' মীনাই ক'লে।
: 'তুমি নাজানা, বুডাপেষ্টৰ পৰা ওভতি আহি বিষ্ট্রিজ পাই তাতে মই সকলোবোৰ ঘটনা লিপিবদ্ধ কৰি থৈছিলো।' হাৰ্কাৰে কৈ কৈ আনটো কোঠালৈ সোমাই গ'ল। ক্ষন্তেক পিছত ডায়েৰী দুখন হাতত লৈ ওলাই আহি হেচ্লিংগক দি ক'লে, 'এয়া লওক, প্রথমতে আপুনি পঢ়ি লওক, তাৰ পিছত আলোচনা কৰিবলৈ সুবিধা হ'ব।' প্ৰফেচাৰে যেন অমূল্য খাজানাহে পালে, তেনেদৰে সযত্নে ডায়েৰী দুখন লৈ বহাৰ পৰা উঠিল।
: ‘এতিয়া যাওঁ। ডায়েৰী দুখন পঢ়ি কাইলৈ পুৱা পুনৰ লগ পাম। ড্রাকুলা নিধনত তোমাৰ সহায় অতীব প্রয়োজন হ'ব।' প্ৰফেচাৰ তাৰ পৰা ওলাই আহিল।
॥ ১৯ ৷৷
ডাক্তৰ চীৱাৰ্ডৰ চিকিৎসালয়ৰ সভাকক্ষত জৰুৰী সভা আহবান কৰা হৈছিল। উক্ত সভাত যথাসময়ত ডাক্তৰ স্বয়ং, আৰ্থাৰ, উলিয়াম কিংচী, হাৰ্কাৰ, মীনা আৰু হেচ্লিংগ উপস্থিত আছিল।
: ‘প্রিয় বন্ধুসকল !' গুৰু গম্ভীৰ কণ্ঠেৰে প্ৰফেচাৰে আৰম্ভ কৰিলে, ‘আপোনালোক প্রতেকেই জনাথন আৰ্থাৰৰ ডায়েৰী পঢ়িলে। তেওঁৰ আয়ুসত চাউল আছিল বাবেই ড্রাকুলা মহলৰ খিৰিকী জপিয়াই অচেতন হৈ জোপোহাৰ ওপৰত পৰি থাকিও পাছদিনা পুৱা তাৰ পৰা জীৱিত ৰূপত পলাই আহিবলৈ সক্ষম হৈছিল। চীৱাৰ্ড আৰু আৰ্থাৰেতো নিজ চকুৰে লুচীৰ প্রেতাত্মাৰ সাক্ষাত লাভ কৰিছে।'
: ‘মোৰ ধাৰণা মতে’, প্ৰফেচাৰে আকৌ কৈ গ'ল, 'ড্রাকুলা বিষ্ট্ৰীজৰ পৰা ইংলণ্ড আহি পালে। তেওঁ মিঃ হাৰ্কাৰৰ দ্বাৰাই যিবোৰ চন্দুক ইংলণ্ডলৈ পাৰ্চেল কৰি পঠিয়াইছিল। সেই চন্দুকবোৰত বিশেষকৈ কফিন ভৰোৱা আছিল। সেই চন্দুকবোৰত তেওঁ অর্থাৎ ড্রাকুলা নিজে আৰু সহায়ক কেতবোৰক তাৰ পৰা ইংলণ্ডলৈ আনিছিল। এতিয়া ড্রাকুলাৰ সংক্ষিপ্ত বিৱৰণি কওঁ শুনা -
‘প্রাচীন মধ্য ইউৰোপীয় দেশবোৰত জেকেলী নামেৰে প্ৰখ্যাত যুঁজাৰু আৰু নিৰ্ভীক জাতি এটা আছিল। বহুতো বীৰ যুঁজাৰু জাতিৰ ৰক্ত সংমিশ্ৰণত জেকেলী জাতিৰ