সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬ ■
ড্রাকুলা


 : ‘তাই মোক একো কোৱা নাছিল যদিও মোৰ ধাৰণামতে তাইৰ কিছু মনত আছিল যেন লাগিছিল। সেই সময়ছোৱাত তাই কেতিয়াবা সুস্থ আছিল। হাঁহি- ধেমালি কৰি, সময় কটাইছিল। আকৌ পাছদিনাই বিমৰিষ-শেঁতা হৈ পৰিছিল- যেনিবা বহুদিনৰ পৰা বেমাৰত ভূগি আছিল। দিনটো যদি ভালে আছিল ৰাতিৰ ভিতৰতে বেমাৰী হৈ পৰিছিল।'

 : “আৰু কিবা বিশেষ ঘটনা মনত পেলাই চোৱাচোন ।' প্ৰফেচাৰে ক'লে।

 :'এনে বিশেষ ঘটনাটো মোৰ মনত পৰা নাই– অ' এবাৰ ৰাতি তাই টোপনিতে গৈ সাগৰ পাৰৰ বেঞ্চত বহি থাকোতে ম‍ই যেতিয়া তাইক বিচাৰি সেইখিনি পাইছিলোগৈ, মই দেখিলো, নিচামগ্ন লুচীৰ পাছফালৰ বেঞ্চৰ ওচৰত কিবা ছাঁ এটা যেন তাইৰ ওপৰত হাওলি আছিল। মই দৌৰ মাৰি ওচৰ পোৱাৰ আগতে ছাঁটো নাইকিয়া হৈছিল। একো ধৰিব নোৱাৰিলো। আৰু এটা ঘটনা মনত পৰিছে। আন এৰাতি লুচীক বিচাৰি যাওঁতে এজনক স্পষ্টকৈ দেখিছিলো। ওখ ক্ষীণ দেহৰ বিদেশীজন তুর্কী যেন লাগিছিল। বিদেশীজনৰ ওপৰ পাৰিৰ কুকুৰ দাঁত দুটা বাহিৰ ওলাই থকা যেন লাগিছিল যদিও আন্ধাৰত ভালকৈ মনিব পৰা নাছিলো। মানুহজনৰ কাষত কুকুৰ এটাও আছিল। তেওঁ আমালৈ ৰঙা চকুৰে এনেদৰে চাই আছিল যে, দেখিয়ে মোৰ বুকু কঁপি গৈছিল। ম‍ই পিছে ভয়ৰ ভাব প্ৰদৰ্শন কৰা নাছিলো, লুচীয়েহে থৰ্ থৰ্ কৈ কঁপিছিল।’

 : ‘হেই - এওঁৰ আকৌ কি হ'ল ?' ৱান হেচ্‌লিংগৰ চিঞৰত মীনাইও ঘূৰি হাৰ্কাৰলৈ চালে। হার্কাৰে বহি থাকোতে অচেতন হৈ এফালে ঢলি পৰিছে। তেওঁৰ মুদ খাই থকা চকু আৰু মুখেৰে ওলোৱা ফেনবোৰ দেখি মীনা বিচলিত হৈ উঠিল।

 :‘সোনকালে ব্রাণ্ডী অকণমান লৈ আনা।' প্ৰফেচাৰে মীনাক কৈ হাৰ্কাৰৰ মূৰটো দাঙি ধৰিলে। “চিন্তাৰ কাৰণ নাই, দুৰ্বলতাৰ বাবে এনে হৈছে।’

 মীনাই দৌৰ মাৰি গৈ ব্ৰাণ্ডীৰ বটলটো আনিলে। প্ৰফেচাৰে হাৰ্কাৰৰ মুখত "অকণমান ব্রাণ্ডী বাকি দি হাত-ভৰিৰ তলুৱা মোহাৰিবলৈ ধৰিলে।

 লাহে লাহে হাকাৰে চকু মেলিলে। তেওঁ থৰ হৈ মীনাৰ মুখলৈ চাই থাকিল । মীনা আহি হাৰ্কাৰৰ কাষত বহিল ।

 : 'কি হ'ল আপোনাৰ? মুখেৰে নামাতে কিয় ?' হার্কাৰে লৰচৰ কৰি বহিল। ইফালে সিফালে চাই কিঞ্চিৎ সুস্থ হৈ ক'ব ধৰিলে।

 : ‘প্ৰফেচাৰ চাহাব, মোৰ বিগত অভিজ্ঞতাৰ বিষয়ে কিছু কথা আপোনাক ক'ব লগা আছে। ম‍ই প্ৰথমতে ভাবিছিলো- মোৰ সেই অভিজ্ঞতাবোৰ আপুনি বিশ্বাস কৰিব নে নকৰে? কিন্তু মীনাৰ লগত হোৱা কথা-বতৰা শুনি মোৰ বিশ্বাস হ'ল – মোৰ ডায়েৰী দুখন আপোনাক পঢ়িবলৈ দি দিওঁ। মোৰ ডায়েৰী দুখন আনকি মীনাকো