সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
■ ০১
ড্রাকুলা


জন হার্কাৰৰ ডায়েৰীৰ পৰা

॥ ১॥

 ৩ জুন । সম্ভৱ গভীৰ জংঘলৰ মাজেদি ৰেলগাড়ীখন গৈ আছিল। হঠাতে ৰেলগাড়ীখন ৰৈ গ'ল। হার্কাৰে খিৰিকীয়েদি মূৰ উলিয়াই ইফালে সিফালে চালে, কিন্তু ঘন আন্ধাৰৰ বাবে একো নেদেখিলে। তেওঁৰ হাতঘড়ীত সময় তেতিয়া ৩ বাজি ২০ মিনিট হৈছিল।

 কিছু সময়ৰ পাছত দীঘলীয়া উকি মাৰি ৰেলগাড়ীখন পুনৰ চলিবলৈ আৰম্ভ কৰিলে। তেওঁ হাত-ভৰি মেলি আৰামেৰে বহি ল'লে। বাটত আৰু পলম নকৰিলে ২০ মিনিটৰ পাছত তেওঁ বিষ্টুজ ষ্টেচন পাবগৈ।

 জনাথন হাৰ্কাৰ লণ্ডনৰ এজন নামী উকীল। কিছুদিনৰ পূৰ্বে তেওঁলোকৰ কাৰ্যালয়লৈ ৰোমানিয়াৰ পৰা কাউণ্ট ড্রাকুলাৰ স্বাক্ষৰযুক্ত চিঠি এখন আহিছিল। মাটিবাৰী আৰু দালান সম্পর্কীয় লেনদেন আদিৰ বাবে ভাল উকীল এজন পঠিয়াবলৈ ড্রাকুলাই অনুৰোধ কৰি চিঠিখন লিখিছিল। হাৰ্কাৰ নিজেই যাত্ৰালৈ ওলাল ।

 চিঠিত উল্লেখ আছিল- বিষ্টুজ চহৰ পাই উকীলজন যেন গোল্ডেন টার্ণ হোটেলত থাকে। হোটেলতে কাউন্ট ড্রাকুলাই তেওঁৰ বাবে মানুহ থৈ দিব ।

 ষ্টেচন পাই গাড়ীখন ৰৈ গ'ল। হাৰ্কাৰে ডবাৰ দৰজা খুলি প্লেটফৰ্মলৈ চালে। প্লেটফৰ্মৰ একাষে কেৰাচিনৰ লেম্প এটা জ্বলি আছিল। তেওঁ আন্ধাৰত ভালকৈ ধৰিব পৰা নাছিল— এইটোৱেই সেই বিষ্টুজ ষ্টেচন হয়নে নহয় ? জনশূন্য প্লেটফৰ্মৰ ইফালে সিফালে চাওঁতে তেওঁ দেখিলে আন এটা ডবাৰ পৰা বৃদ্ধ এজন নামিছে। তেওঁ উৎসাহিত হৈ বৃদ্ধক সুধিলে, “ডাঙৰীয়া, এইটো বিষ্টুজ ষ্টেচন হয় নে বাৰু ?”

 পিছলৈ ঘূৰি নোচোৱাকৈয়ে বৃদ্ধই উত্তৰ দিলে, “হয়। হয়, এইটোৱে বিষ্টুজ ষ্টেচন। নামিবলৈ আছে যদি সোনকাল কৰা, নহ'লে গাড়ী এৰিবই ।'

 ডবাৰ পৰা মাল-বস্তু নমাই হাৰ্কাৰে বুঢ়াক লগ ধৰিবলৈ বেগাবেগিকৈ গ'ল যদিও, আন্ধাৰতে বুঢ়া ক'ত লুকাল তেওঁ ধৰিবই নোৱাৰিলে। প্লেটফৰ্মত আন কোনো জনপ্রাণী নাছিল। তেওঁ ষ্টেচনৰ গেটৰ পিনে খোজ দিলে।