নিজৰ গাটো মন্ত্রপূত নহৰুৰে বান্ধি ল'লে। পুনৰ মূৰ তোলোতে তাইৰ দৃষ্টি এইবাৰ আৰ্থাৰৰ ওপৰত পৰিল। তাই থৰ হৈ আৰ্থাৰৰ ফালে চাই থাকিল। তাই যেন কিবা মনত পেলাবলৈ চেষ্টা কৰিছে। হঠাতে তাইৰ মুখমণ্ডলৰ পৰা হিংস্ৰতা-ক্ৰুৰতা অন্তর্হিত হ'ল- তাৰ ঠাই ল'লে পূৰ্বৰ মোহনীয়তাই। তাই আস্তিনেৰে কোৱাৰিৰ তেজ মচি ল'লে। তাইৰ চকু-মুখত অভূক্ত বাসনাই পৰিষ্কাৰ ৰূপত জিলিকি উঠিল। মোহক হাঁহিৰে হাতদুখন আগবঢ়াই আৰ্থাৰৰ চকুত চকু ৰাখি তেওঁক বাসনা জৰ্জৰিত কণ্ঠেৰে মাতিবলৈ ধৰিলে, ‘মোৰ কাষ চাপি আহা আৰ্থাৰ ! তোমাৰ ওঁঠৰ চুমাৰ বাবে মই ব্যাকুল হৈ ৰৈ আছো । আহা মোৰ সোণটো, মোক আকোঁৱালি লোৱা !'
তাইৰ মধুৰ কণ্ঠত মন্ত্রমুগ্ধ হৈ আৰ্থাৰে তাইক আকোঁৱালি ল'বলৈ আগবাঢ়ি আহিল। ডাক্তৰ চীৱাৰ্ডে আৰ্থাৰৰ ফালে চালে। তেওঁৰ অনুভৱ হ'ল- আৰ্থাৰ যেন বাহ্যিক জ্ঞান শূন্য হৈ লুচীৰ ফালে এখোজ-দুখোজকৈ আগুৱাই গৈছে। আৰ্থাৰ আৰু লুচীৰ মাজৰ দূৰত্ব ক্ৰমাৎ কমি আহিবলৈ ধৰিলে। হয়তো আৰ্থাৰে লুচীক নিজ বাহুবন্ধনত আৱদ্ধ কৰিলেহেঁতেন, যদিহে প্ৰফেচাৰ হেচ্লিংগে বাধা প্ৰদান নকৰিলহেঁতেন। তেওঁ একেজাপে আৰ্থাৰৰ সন্মুখত উপস্থিত হৈ হাতত লৈ থকা সোণৰ ক্ৰছডাল ডাঙি ধৰিলে । পবিত্ৰ ক্ৰছ দেখাৰ লগে লগে লুচীয়ে চীৎকাৰ কৰি দুখোজ হোঁহকি গ'ল। তাইৰ দৃষ্টিত যদি ভস্মীভূত কৰাৰ ক্ষমতা থাকিল হয়, তেন্তে প্ৰফেচাৰ নিশ্চিতৰূপে জ্বলি ছাই হৈ গ'লহেঁতেন। হাতৰ চিকাৰ হেৰালে বাঘিণী এজনী যিদৰে হিংস্ৰ হয়, তায়ো তেনে হিংস্র দৃষ্টিৰে প্ৰফেচাৰলৈ চাব ধৰিলে। তাই পাছ হোঁহকি তেওঁলোকৰ কাষেদি কবৰটোলৈ দৌৰি গ'ল। কিন্তু কবৰৰ কাষত তাই পুনৰ থমকি ৰ'ল, যেন তাইক অজ্ঞাত শক্তিয়ে টানি ধৰিছে। প্ৰফেচাৰে নিৰ্ভয়ে এইবাৰ তাইৰ মুখত টৰ্চৰ পোহৰ পেলালে। জালত বন্দী বিষাক্ত সাপৰ দৰে হিচ্ হিচনি তুলি তাই দুই কোৱাৰিয়েদি জোঙা দাঁত দুটা উলিয়ালে । কিন্তু তাই এইবাৰ শেঁতা পৰিছিল আৰু ক্ষন্তেক পূৰ্বতে থকা ভয়ংকৰ চেহেৰাৰ ঠাইত অজান ভীতিহে মুখমণ্ডলত ফুটি উঠিছিল।
প্ৰফেচাৰে আৰ্থাৰৰ কান্ধত হাতখন থৈ সুধিলে, “এতিয়া মই মোৰ কাম আৰম্ভ কৰো। এইজনী লুচী নহয়। তাইৰ প্রেতাত্মা বুজি পালানে?'
আৰ্থাৰে দুয়ো হাতেৰে মুখ ঢাকি উচুপি উঠিল, 'যি ভাল দেখে কৰক ; মই সপোনতো ভবা নাছিলো লুচী যে পিশাচিনীলৈ পৰিৱৰ্তন হ'ব।'
ৱান হেচ্লিংগে কফিনৰ পৰা নহৰুৰ ফুলবোৰ আঁতৰাই দিলে। কবৰত সিঁচি থোৱা মালাবোৰো চীৱাৰ্ডক আঁতৰাবলৈ নিৰ্দেশ দিলে। সেইবোৰ আঁতৰোৱা হ'লত সকলোৱে দেখিলে – লুচীৰ শৰীৰটো যাক তেওঁলোকে ইমানপৰে স্থূলকায়া বুলি ভাবি আছিল, লাহে লাহে কুঁৱলীৰ ৰূপলৈ কফিনটোলৈ সোমাই গ'ল। তাই কফিনটোত প্রবেশ