তেওঁলোকৰ ওচৰৰে কবৰটোলৈ আহি আছে। মূৰ্তিটোৱে কোলাত কিবা এটা টোপোলা ধৰি আনিছিল। মূৰ্তিটোৰ মুখখন স্পষ্ট নাছিল। কিন্তু অনুভৱ হৈছিল সি যেন আলাসতহে আহিছে। কাৰণ মূৰ্তিটো আগবাঢ়ি আহি থাকোতে জোপোহাবোৰ অলপো লৰচৰ কৰা নাছিল। জোনটো ডাৱৰে ঢাকি ৰখাত মূৰ্তিটো আৰু চৌপাশবোৰ অস্পষ্ট হৈ পৰিছিল।
বগা মূৰ্তিটো আহি কবৰৰ কাষ চপাত জোনটো ডাৱৰৰ আঁৰৰ পৰা ওলাই আহিল। চন্দ্ৰমাৰ স্নিগ্ধ কিৰণত কবৰস্থানৰ ভৌতিক জয়াল পৰিবেশ পৰিস্ফুট হৈ পৰিল। সকলোৱে দেখিলে - বগা কাপোৰ পৰিধান কৰা মুক্ত কেশৰ যুৱতী এজনীয়ে কোলাত লৈ থকা শিশু এটাক চুমা খাই আছে। হঠাতে যেন শিশুটো টোপনিৰ পৰাহে সাৰ পালে- সি ভয়ত বিতত হৈ কান্দিবলৈ ধৰিলে।
প্ৰফেচাৰে কিংচীৰ হাতত ধৰি আগবাঢ়ি যাবলৈ ইংগিত কৰিলে। দুয়ো জোপোহাৰ আঁৰৰ পৰা ওলাই আহিল। তেওঁ সুহুৰিৰ সংকেত পাই আন দিশৰ পৰা চীৱাৰ্ড আৰু আৰ্থাৰ আগবাঢ়ি আহিল। বগা কাফন পৰিহিতা মূৰ্তিটোৱে থৰ হৈ সম্ভৱ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰিছিল। হঠাত মূৰ্তিটোৱে লৰচৰ কৰি উঠিল। তাই আগুৱাই গৈ চীৱাৰ্ড আৰু আৰ্থাৰৰ সন্মুখীন হ'ল। দুয়ো দেখিলে মূৰ্তিটো তেওঁলোকৰ পৰিচিতা লুচীৰ।
আৰ্থাৰে গভীৰ হুমুনিয়াহ এটা কাঢ়িলে। উত্তেজনাত তেওঁৰ সৰ্ব শৰীৰ কঁপিছিল। চীৱাৰ্ডে তেওঁক ধৰি নথকা হ'লে হয়তো তেওঁ ভূলুণ্ঠিত হ'লহেঁতেন। তেওঁলোকে পূর্বে দেখা লুচীৰ চেহেৰাৰ মাধুৰ্যতা আৰু কমনীয়তাৰ ঠাইত এইজনী লুচীৰ মুখত প্ৰকাশ পোৱা হিংস্ৰতা আৰু জিঘাংসাই আৰ্থাৰৰো বুকু কঁপাই দিছিল। তাই এখোজ দুখোজকৈ আৰ্থাৰহঁতৰ ফালে আগুৱাই আহি থাকোতেই আনদিশৰ পৰা অহা প্ৰফেচাৰে সৰু লাইটটো জ্বলাই দিলে। পোহৰত লুচীৰ প্রেতাত্মাৰ ভয়ানক মুখখন জিলিকি উঠিল। তাইৰ মুখৰ কোৱাৰিয়েদি বৈ অহা শিশুটোৰ কেঁচা ৰক্তৰ ধাৰাই তাইক ইমান নিৰ্দয়ী আৰু ভয়ংকৰী কৰি তুলিছিল যে প্ৰফেচাৰ হেচ্লিংগো ক্ষণিকৰ বাবে কঁপি উঠিল। লুচীয়ে নৃশংসতাৰে ৰঙা চকুহাল বহলকৈ মেলি যেন পৰিস্থিতি বুজিবলৈ চেষ্টা কৰিছিল। হঠাতে তাই প্ৰফেচাৰৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি বনৰীয়া মেকুৰীয়ে গোজৰাৰ দৰে গোঁ-গোঁৱনী তুলি দুখোজমান পাছলৈ গ'ল। তাইৰ দৃষ্টি অতি ভয়ংকৰ হৈছিল। উপস্থিত চাৰিওজন কিঞ্চিত আতংকিত হৈ পৰিল।
লুচীয়ে নিজৰ অৱস্থিতি সম্পর্কে সচেতন হৈ উঠিল। তাই কোলাৰ শিশুটো নির্দয়তাৰে দলি মাৰি দি প্ৰফেচাৰৰ ওপৰত বনৰীয়া মেকুৰীৰ দৰে জপিয়াই পৰিবলৈ উদ্যত হ'ল। মাটিত পৰি শিশুটোৱে দুখ পাই চিঞৰি কান্দিবলৈ ধৰিলে। তাৰ কান্দোনে মৰিশালীৰ ভয়াবহ নিস্তব্ধতা ভংগ কৰিলে। তাৰ কান্দোনে লুচীৰ দৃষ্টি পুনৰ তালৈ আকৰ্ষণ কৰিলে। সেই ছেগতে প্ৰফেচাৰে তাইৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ