ৱান হেচ্লিংগে হঠাতে ঘূৰি তেওঁলোকৰ কৌতূহল নিবৃত্তি কৰিবলৈ ক'লে-
'তোমালোকৰ সম্ভৱ মোৰ কথা একেবাৰে বিশ্বাস হোৱা নাই। নোহোৱাৰ কথাই কাৰণ
তোমালোক আধুনিক শিক্ষাৰে শিক্ষিত। তোমালোকৰ বাবে ভূত-প্ৰেতৰ অস্তিত্ব মাত্র
অন্ধবিশ্বাহে! কিন্তু তোমালোকক মই যিটো দৃশ্য দেখুৱাবলৈ নিছো সেয়া নিজ চকুৰে
প্রত্যক্ষ কৰাৰ পাছত অবিশ্বাস নিশ্চয় বিশ্বাসলৈ সলনি হ'ব।' প্ৰফেচাৰে জেপৰ পৰা
তিনিডাল পবিত্র ক্ৰছ উলিয়াই প্রত্যেককে এডালকৈ দি ক'লে – ‘এয়া লোৱা, পিন্ধি
লোৱা। এই কেইডাল ডিঙিত ওলমি থাকিলে ভূত-প্রেতে আক্ৰমণ কৰিব নোৱাৰে।
আৰু এয়া বনৰীয়া নহৰুৰ মালা। লগত থাকিলে ভূত-প্রেত পিশাচ কাষ চাপিব
নোৱাৰে। এতিয়া বুজিছানে, মই লুচীক কিয় বনৰীয়া নহৰুৰ মালা পিন্ধিবলৈ দিছিলো।
সেই সময়ত মই তোমালোকক সবিস্তাৰে এইবোৰ কোৱা নাছিলো। কাৰণ মই
জানিছিলো তোমালোকে মোৰ কথা বিশ্বাস নকৰি হাঁহি উৰুৱাই দিবা।’
মাজনিশাৰ অভিযানলৈ যোৱাৰ পূৰ্বে আহাৰ খাই বিশ্রাম ল'বলৈ আটাই কেইজন হেম্পৰষ্টীডৰ ৰেষ্টুৰা এখনলৈ সোমাই গ'ল।
নিশা ১১-৩০ বজাত তেওঁলোক ৰেষ্টুৰাৰ পৰা ওলাই আহিল। ৱান হেচ্লিংগে অভিযানৰ নেতৃত্ব দিছিল। গহীন ৰাতি তেওঁলোক গীৰ্জাৰ কাষ চাপি আহিল। হেচ্লিংগে গীর্জাৰ মুখ্য দ্বাৰখন নিশব্দে খুলি বাকী তিনিজনক ভিতৰলৈ মাতিলে। সকলো সোমাই আহিলত তেওঁ দৰজাখন পূর্ববত বন্ধ কৰি ক'লে – ‘আমি গীৰ্জাৰ পাছফালৰ দৰজা খুলি কবৰস্থানত প্ৰবেশ কৰিম। মোৰ লগে লগে আহি থাকা। গীৰ্জাৰ পাছফাল টুকুৰা জোপোহা জাৰনিৰে ভৰি আছে। গতিকে সেই ফালেদি গ'লে কাৰো দৃষ্টিত পৰাৰ আশংকা নাথাকে।'
তেওঁলোক গীৰ্জাৰ বাওঁফালৰ দুৱাৰেদি কবৰস্থানত প্ৰবেশ কৰিলে। প্ৰফেচা হেচ্লিংগে জেপৰ পৰা সৰু টৰ্চ এটা উলিয়াই তাৰ ক্ষীণ পোহৰত আগবাঢ়ি যাবলৈ ধৰিলে। টৰ্চৰ পোহৰে গহীন নিশাৰ অন্ধকাৰৰ বিভীষিকা আঁতৰ কৰিব পৰা নাছিল। বৰঞ্চ ক্ষীণ পোহৰে ভয়াবহতা বৃদ্ধিহে কৰিছিল। নৈশ পতংগৰ ৰি-ৰিয়নি শব্দৰ বাহিৰে অন্য ক’তো সাৰি শব্দ নাছিল।
গীৰ্জাৰ পৰা কবৰস্থানলৈ থকা দূৰত্বখিনি ঘন জোপোহা আৰু কাঁইটীয়া বনৰ মাজেৰে নিশব্দে অতিক্ৰম কৰি তেওঁলোক লক্ষ্যত উপনীত হ'ল। প্ৰফেচাৰে এনে সাৱলীল ভংগীৰে গৈ আছিল যেন তেওঁ ইতিপূৰ্বে ইয়ালৈ কেবাবাৰো আহিছে । তেওঁৰ টৰ্চৰ ক্ষীণ পোহৰত কবৰৰ নামফলকবোৰ জিলিকি উঠিল। এটা সৰু নতুন কবৰ ফলকৰ ওচৰত উপস্থিত হৈ তেওঁ ক’লে, ‘লুচীৰ কবৰ এইটোৱে নহয় জানো? চাই লোৱা।'
তিনিওজন উচপ খাই উঠিল। আৰ্থাৰৰ শেঁতা পৰি থকা মুখখন ভয়তে আৰু শেঁতা হৈ পৰিল। কিন্তু কিংছী আগবাঢ়ি গৈ হাওলি ফলকখনৰ নামটো পঢ়িবলৈ ধৰিলে।