তেওঁৰ মাতৃৰ অকালতে মৃত্যু হ'ল। লুচীৰ মৃত্যুয়ে আৰ্থাৰক ইমান বেদনাহত কৰিছে যে আৰ্থাৰে প্ৰায় স্বাভাৱিক জীৱন-যাত্ৰা ত্যাগ কৰিছে। বিশেষতঃ প্ৰফেচাৰ হেচ্লিংগেও পৰাজয়ৰ গ্লানিত অতি বিমৰ্ষিত হৈ পৰিছে। প্ৰফেচাৰৰ দৃঢ়মত যে লুচীৰ শৰীৰৰ ৰক্ত কোনোবা নৰৰক্ত পিপাসু পিশাচে শোষণ কৰাৰ ফলতে তেওঁৰ অকাল মৃত্যু হ'ল। প্ৰফেচাৰে সেইবাবে সকলোকে সাৱধানে থাকিবলৈ পৰামৰ্শ দিছে। বিশেষতঃ যিসকলৰ লগত লুচীৰ সম্পৰ্ক আছিল। নহ'লে হয়তো অনৰ্থও হ'ব পাৰে।
লিভাৰপুল নগৰৰে উচ্চ-মধ্যবৰ্গীয় লোক বসবাস কৰা সৰু এলেকাটোৰ নাম হেম্পৰষ্টীড। ঠাই টুকুৰাৰ প্ৰাকৃতিক সৌন্দৰ্য অনুপম। সেইবাবে নগৰৰ অন্যপ্ৰান্তৰ লোকে ইয়ালৈ বনভোজ খাবলৈ বা এনেয়ে ফুৰিবলৈ আহে। আহল-বহল ৰাস্তাটোৰ একাষে গীৰ্জাটো। তাৰ বিপৰীত দিশত প্ৰাইভেট নাৰ্চাৰী স্কুলখন। পানী খোৱা ছুটীত ল'ৰা-ছোৱালীবোৰে গীৰ্জাটোৰ পাছফালে লুকাভাকু খেলিবলৈ প্ৰায় আহে। পাছফাল টুকুৰা জোপোহা গছ, বনৰীয়া ফুল আৰু সৰু-ডাঙৰ বিভিন্ন গছ-বিৰিখ দূৰলৈকে বিস্তৃত হৈ আছে।
যোৱা কিছুদিন ধৰি হেম্পষ্টীডক কেন্দ্ৰ কৰি জন-ৰৱ এটাই যথেষ্ট প্ৰচাৰ পাইছে। গৃহস্থসকলে এনে জন-ৰৱত বৰ গুৰুত্ব দিয়া নাছিল যদিও ল'ৰা-ছোৱালীৰ মাজত আৰু তিৰোতা মহলত জন-ৰৱটোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছিল।
ল'ৰা-ছোৱালীবোৰে স্কুল ছুটীৰ পাছত ঘৰলৈ আহি প্ৰায়ে মাকহঁতক অচিনাকি মহিলা এগৰাকীৰ বিষয়ে কয়। এনে অচিনাকি মহিলাৰ সাক্ষাত পোৱা ল'ৰা- ছোৱালীবোৰ প্ৰায়ে পলমকৈ ঘৰলৈ ওভতিছিল। সিহঁতৰ মতে ঘৰলৈ আহি থাকোতে অকলশৰীয়া হোৱা শিশুহঁতক অচিনাকি মহিলাজনীয়ে মৰমেৰে মাতে আৰু আদৰ- সাদৰ কৰি কোলাত তুলি লয় আৰু গীৰ্জাৰ পাছফালে লুকা-ভাকু খেলিবলৈ মাতি লৈ যায়। মানুহগৰাকীৰ সাদৰি মাত কথাত শিশুহঁতে ঘৰৰ কথা একেবাৰে পাহৰি পেলায়। খেলা শেষ কৰি মহিলা গৰাকীয়ে শিশুহঁতক গালে-মুখে চুমা খাই ঘৰমুৱা ৰাস্তাত এৰি থৈ ক'ৰবাত অন্তৰ্ধান হয়। শিশুহঁতে তেওঁক 'ব্লুফাৰ লেডী' নাম দিছে।
ল'ৰা-ছোৱালীবোৰে ব্লুফাৰ লেডীক ইমান ভাল পাই পেলাইছে যে প্ৰত্যেকটোৱে তেওঁক লগ পাবলৈ বিয়াকুল হৈ থাকে। স্কুল ছুটীৰ পাছত শিশুহঁত ঘৰলৈ নাহি গীৰ্জাৰ পাছফালে ব্লুফাৰ লেডীক বিচাৰি ঘূৰি ফুৰে। ল'ৰা-ছোৱালীহঁতৰ ‘ব্লুফাৰ লেডী’ৰ কাহিনীক গৃহস্থহঁতে শিশুমনৰ কাল্পনিক চৰিত্ৰ বুলি প্ৰথমে আওকাণ কৰি আছিল যদিও ব্লুফাৰ লেডীৰ সাক্ষাৎ লভা কেইবাটাও শিশুৰ যেতিয়া অকাল মৃত্যু হ'ল, ঘটনাটোৱে তেতিয়াহে সকলোকে সজাগ কৰি দিলে। তাৰ দুদিনমানৰ পাছৰ পৰা শিশু দুই-এটাকৈ অন্তৰ্ধান হ'বলৈ ধৰিলে। মৃত্যু হোৱা বা অন্তৰ্ধান হোৱা শিশুহঁতক ব্লুফাৰ লেডীৰ সৈতে খেলি থকা দেখিছিল বুলি যেতিয়া সিহঁতৰ লগৰীয়াবিলাকে অভিভাবকক গোচৰ দিলে, তেতিয়া