পৰা যোৱা ডেৰমাহে তেওঁলোক এই নগৰখনতে আছে আৰু এনে ঘটনা তিনিবাৰ ঘটিছে।
এনে এটা সন্ধ্যা দুয়ো নগৰত ফুৰি চাকি হোটেলতে খাই-বই ভাড়া ঘৰলৈ ঘোঁৰাবাগীত উঠি আহি আছিল। বাট-পথ প্রায় জনশূন্য আছিল। এনেতে দুয়োৰে দৃষ্টি গলি এটাৰ মুখত থকা লেম্প পষ্ট এটাৰ তলত অকলশৰীয়াকৈ থিয় হৈ থকা মানৱ আকৃতিৰ এটাৰ ওপৰত পৰিল। বাগীখন ওচৰ চাপোতে মীনাই লক্ষ্য কৰিলে মানুহটোৰ চকু দুটা যেন জ্বলন্ত দুটুকুৰা অঙঠাহে। সি বাগীখনৰ যাত্ৰী দুজনৰ ফালেই চাই আছিল। বাগীখন দেখি মানুহটো দুখোজ আগবাঢ়ি আহিল। তাৰ শৰীৰটো লেম্পৰ পোহৰত পৰিষ্কাৰকৈ দৃশ্যমান হ'ল। তাৰ মুখমণ্ডল শেঁতা পৰা, নাকটো দীঘল জোঙা আৰু মুখৰ কোঁৱাৰিৰ কাষেদি কুকুৰ দাঁত দুটা যেন বাহিৰ হৈ ওলাই আছিল। মানুহটোৱে মীনাহঁতক দেখি কুকুৰ এটাৰ দৰে গোজৰি তৎক্ষণাত আন্ধাৰ গলিটোলৈ সোমাই গ'ল। সি ক'লাপোছাক পিন্ধি আছিল।
: ‘বৰ আচৰিত মানুহ! একেবাৰে ভূতটোৰ দৰে । মইতো ভয়েই খাই গৈছিলো।' মীনাই স্বগতোক্তি কৰিলে ।
হার্কাৰে মীনাৰ কথাৰ একো উত্তৰ নিদিলে বৰং তেওঁ থৰ থৰাই কঁপিবলৈ ধৰিলে।
: ‘কিয়, কি হ'ল?' হাৰ্কাৰৰ কঁপনি অনুভৱ কৰি মীনাই সুধিলে।
হাৰ্কাৰৰ সমস্ত শৰীৰ মুখমণ্ডল ঘামেৰে তিতি গৈছিল। তেওঁ সেই মানুহটো গুচি যোৱা আন্ধাৰ গলিটোৰ ফালে ভয়ার্ত দৃষ্টিৰে চাই আছিল। তেওঁ কঁপি কঁপি সেহাই মাথো মীনাক ক’লে, ‘মীনা দেখিলা, সেইটো, সি মোক বিচাৰিয়ে ইয়ালৈ আহিছে, সি মোক মাৰি পেলাব - হে প্ৰভু! ৰক্ষা কৰা! '
: ‘কোন হয় সি ? তুমি ইমান ভয় খাইছা কিয় ?' হাৰ্কাৰৰ গাত জোকাৰি মীনাই সুধিলে ।
: “কাউন্ট ড্রাকুলা। সি বুঢ়াৰ পৰা ডেকা হৈ আহিছে। হে প্রভু! এই চয়তানটো ইয়ালৈ কেনেকৈ আহিল। সিয়ে মোক মহলটোত বন্দী কৰি থৈছিল। সি মানুহৰ তেজ পি পি যৌৱন ঘূৰাই পাইছে! সি, সি মোৰো তেজ পিব।' কৈ কৈ ভয়তে হাৰ্কাৰ অচেতন হৈ ঢলি পৰিল। মীনাই লৰালৰিকৈ তেওঁক বাগৰি নপৰাকৈ ধৰি ৰাখিলে। কচোৱানটোৱে সম্ভৱ কিবা উমান পাইছিল। সি সুধিলে, 'কি হৈছে, মেম্চাব!'
মীনাই মাথো ক'লে, 'অলপ সোনকালে ব’লা। এওঁৰ মাজে মাজে অচেতন হোৱা বেমাৰ আছে। ঘৰত জিৰণি ল'লেই ভাল পাব।'
ডাক্তৰ চীৱাৰ্ডৰ পৰা পোৱা চিঠিখনেও মীনাৰ মনটো ভাৰাক্ৰান্ত কৰি তুলিলে। সিদিনা চিঠিখন পোৱাৰে পৰা তেওঁ উদাস হৈ পৰিছিল। চীৱাৰ্ডে লিখিছে লুচী আৰু