সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

 হাংগেৰীৰ ৰজা কাউণ্ট ড্রাকুলা আক্ৰমনকাৰী তুৰ্কীৰ সৈতে হোৱা ৰণত নিহত হৈছিল। জীয়াই থকাৰ তীব্ৰ তৃষা আৰু প্ৰতিশোধৰ দাবানলে তেওঁৰ আত্মাক অশান্ত কৰি ৰাখিলে। এক অদম্য লিপ্সা লৈয়ে তেওঁ ড্রাকুলা মহলৰ চাৰিওকাষে কুকুৰনেচীয়া বাঘৰ এটা সৈন্যদল গঢ়ি তুলিলে আৰু নিজে উক্ত মহলতে বসবাস কৰিবলৈ ল'লে। তেওঁৰ মৃত শৰীৰ দিনৰ ভাগত নিৰ্জীৱ হৈ পৰি থাকে, কিন্তু নিশাৰ অন্ধকাৰ নামি অহাৰ লগে লগে তেওঁ নৰৰক্ত লোলুপ পিশাচলৈ ৰূপান্তৰিত হয়। নৰৰক্ত পান কৰি তেওঁ ক্ষুধা আৰু তৃষ্ণা নিবাৰণ কৰে। কাউন্ট ড্রাকুলা পিশাচৰ বৈশিষ্ট্য এয়ে আছিল যে তেওঁ যিজনৰে ৰক্তপান কৰে, তেৱেঁই অন্য এক পিশাচলৈ ৰূপান্তৰিত হয়। ড্রাকুলাৰ ধাৰণা আছিল - তেওঁ গোটেই মানৱ জাতিকে পিশাচলৈ ৰূপান্তৰিত কৰি, তেওঁ তাৰ ৰজা হৈ বিশ্ব শাসন কৰিব ; দুর্ভাগ্যবশতঃ এই আঁচনি সফল নহ'ল কাৰণ........