সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬ ■
ড্রাকুলা


 পাছদিনা সন্ধ্যা ৰেলত প্ৰফেচাৰ হেচ্‌লিংগ আমষ্টাডাৰ্মৰ পৰা লিভাৰপুললৈ আহিল। ইতিমধ্যে লুচীৰ বেমাৰৰ সংকটজনক অৱস্থাৰ বিষয়ে মাক শ্ৰীমতী ৱেষ্টৰ্নীক জনাই দিয়া হৈছিল। মাকক লুচীৰ ওচৰত থৈ চীৱাৰ্ড ৰেলৱে প্লেটফৰ্মত প্ৰফেচৰ হেচ্‌লিংগক আদৰিবলৈ ৰৈ থাকিল ।

 প্ৰথম শ্ৰেণীৰ ডবাৰ পৰা বাওঁহাতৰ ঠাৰিত অভাৰকোট ওলমাই হেচ্লিংগ নামিল। ডাঃ চীৱাৰ্ডে আগবাঢ়ি গৈ তেখেতৰ পৰা অভাৰকোটটো আৰু এটাচীকেচ্টো নিজে লৈ ক’লে, ‘ক্ষমা কৰিব চাৰ! এই বয়সত আপোনাক ইমান দূৰৰ পৰা মাতি কষ্ট দিছো। দৰাচলতে কেচটো বৰ জটিল নোহোৱা হ'লে, আপোনাক নামাতি ময়ে আমষ্টাডার্মলৈ গ'লোহেঁতেন।'

 : ‘মোৰ বিষয়ে চিন্তা কৰিব নেলাগে। মোৰ অহা-যোৱা চলিয়ে থাকে। তোমাৰ সেই ৰোগীৰ কি নাম লিখিছিলা.....'

 : ‘লুচী ৱেষ্টৰ্নী। তেওঁ মোৰ বন্ধু আৰ্থাৰৰ বাকদত্তা। '

 : 'অ' হয়, লুচী; এতিয়া তেওঁ কেনে আছে?

 : ‘প্রায় অর্ধচেতন অৱস্থাত আছে। শাৰীৰিক দৃষ্টিকোণেৰেতো সম্পূৰ্ণ নিৰোগী। বেমাৰ একো নাই। কিন্তু প্রতি দিনেই শুকাই-খীণাই গৈছে। শৰীৰৰ তেজ প্রায় শেষ হৈ আহিছে।' চীৱাৰ্ডে বর্ণনা কৰিলে ।

 : ‘তোমাৰ মতে তাই কিবা মানসিক ৰোগী নেকি? কি চিন্তাই তাইক খুলি খুলি খাইছে, ভালকৈ জানিব লাগিব।'

ষ্টেচনৰ পৰা ওলাই ঘোঁৰাবাগীৰে দুয়ো লুচীৰ ঘৰলৈ গ'ল। বাটত ডাঃ চীৱাৰ্ডে নিজে জনা আৰু দেখা সকলো বিৱৰণ সবিস্তাৰে বৰ্ণনা কৰি গ'ল। হেচ্লিংগে গোটেই কথাবোৰ মনোযোগেৰে শুনি গৈছিল। মাজে মাজে তেখেতে চীৱাৰ্ডক কিবা বুজি নাপালে পুনৰ দোহাৰিবলৈ কৈছিল। কিন্তু নিজে একো মন্তব্য কৰা নাছিল।

 শ্ৰীমতী ৱেষ্টৰ্নীৰ ঘৰত উপস্থিত হৈয়ে প্ৰফেচাৰে চীৱাৰ্ডক লৈ পোনে পোনে লুচীৰ কোঠালৈ গ'ল। কোঠাত মাক আৰু আৰ্থাৰৰ বন্ধু কিংচী চোফা এখনত বহি লুচীক পহৰা দি আছিল। ডাক্তৰৰ লগত যোৱা বৃদ্ধজনক দেখি বুজিলে এয়ে বোধকৰো মিঃ হেচ্‌লিংগ হ'ব, আমাষ্টাডার্মৰ পৰা আহিছে। দুয়ো নমস্কাৰ কৰি বহি থকাৰ পৰা থিয় হ'ল।

 হেচ্‌লিংগে তেওঁলোকলৈ মন নকৰি দুয়োকো কোঠাৰ পৰা যাবলৈ ডাক্তৰ চীৱাৰ্ডক নির্দেশ দিলে। চীৱাৰ্ডৰ পৰামৰ্শমতে শ্ৰীমতী ৱেষ্টৰ্নী আৰু কিংচী ওলাই আহিল।

 প্ৰফেচাৰ হেচ্‌লিংগে লুচীক ওচৰৰ পৰা সুক্ষ্মভাবে পর্যবেক্ষণ কৰি চিঞৰি উঠিল- “হে মোৰ ঈশ্বৰ ! ছোৱালীজনীৰ শৰীৰত দেখোন অলপো তেজ নাই। ডাক্তৰ, তুমি