আগকথা
ড্রাকুলা হৈছে সৰ্বকালৰ শ্ৰেষ্ঠ হ’ৰৰ কাহিনী। কাহিনীকাৰ ব্ৰাম ষ্টোকৰ ১৮৪৭ চনত ইংলণ্ডত জন্ম হৈছিল। শৈশৱকাল আছিল ৰোগক্ৰান্ত । অধ্যৱসায় আৰু নেৰানেপেৰা প্ৰচেষ্টাত তেওঁ ডবলিন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত শাৰীৰিকভাবে বাধাগ্ৰস্ত হৈও এজন ভাল ফুটবল খেলুৱৈ হ'ব পাৰিছিল।
চাকৰি জীৱনৰ আৰম্ভণিত সাহিত্য চৰ্চা কৰাৰ বিষয়ে তেওঁ একো চিন্তা কৰা নাছিল। কালক্ৰমত চাৰ হেনৰী আৰভিঙৰ সচিব হিচাপে চাকৰি কৰি থকা কালছোৱাত লিখিবলগীয়া হোৱা চিঠি পত্ৰৰ আদান প্রদানতে তেওঁ সাহিত্য চৰ্চাৰ কৌশল আয়ত্ব কৰিছিল। তাৰ পাছতে তেওঁ পাঁচখন উপন্যাস লিখি জগতজোৰা খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁৰ ৰচিত উপন্যাস কেইখন হৈছে - দি স্নেকচ্ পাচ (১৮৯৩), ড্রাকুলা (১৮৯৭), দি মিষ্ট্ৰি অৱ দি চি (১৯০২), দি জুৱেল অব চেভেন ষ্টাৰ্চ্ (১৯০৪) আৰু দি লেডী অৱ দি শ্রাউড (১৯০৯)। ইয়াৰ ভিতৰত ড্রাকুলাখন বিশ্বৰ প্ৰায় সকলোবিলাক ভাষালৈকে অনুদিত হৈছে। জনাথন হার্কাৰে ডায়েৰীৰ আকাৰত লিখা এই উপন্যাসখনৰ আধাৰত হলিউডকে ধৰি বিশ্বৰ বিভিন্ন ভাষাত অনেক বোলছবি নিৰ্মিত হৈছে। ১৯২২ চনত জাৰ্মানীত ‘নচ্কেৰাটু' শিৰোনামাৰে ড্রাকুলাৰ পটভূমিত নির্মিত প্রথম বোলছবিখনৰ আৰম্ভণিতে হৃদৰোগীক এই বোলছবিখন উপভোগ নকৰিবলৈ সঁকীয়াই দিয়া হৈছিল ৷
যুগোশ্লাভ বাসিন্দাৰ লৌকিক আচাৰ-কুসংস্কাৰ আৰু অন্ধ ভৌতিক বিচাৰৰ আধাৰত ৰচিত ড্রাকুলাখনে সঁচা পটভূমি বিচাৰি লৈছিল। উপন্যাসখনে পঢ়ুৱৈৰ মন জয় কৰাৰ লগতে আতংকগ্রস্ত কৰি তুলিবলৈ সক্ষম হৈছে। অসমীয়া ভাষাত ড্রাকুলাৰ অনুবাদ চকুত পৰা নাই বাবে অসমীয়া ভাষাৰ বেদীলৈ ড্রাকুলাৰ অনুবাদ আমাৰ বিনম্র অঞ্জলি। পুথিখন প্ৰকাশ কৰি উলিওৱাৰ বাবে উদয়ন প্ৰকাশনৰ স্বত্তাধিকাৰী আৰু সমূহ কৰ্মচাৰীবৃন্দলৈ আমাৰ আন্তৰিক অভিনন্দন যাচিলোঁ। পাঠকে কিতাপখন আদৰিলে আমাৰ শ্ৰম সাৰ্থক হৈছে বুলি আনন্দ লভিম ।
|
|
চৈয়দ মজিদুৰ ৰহমান
|