সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২ ■
ড্রাকুলা

কাকত এখন টানি ল'লে। তাৰ প্ৰথম পৃষ্ঠাতে যোৱানিশা চিৰিয়াখানাৰ পৰা পলাই যোৱা কুকুৰনেচীয়া এটাই নগৰত আতংকৰ সৃষ্টি কৰা বাতৰি এটা প্ৰকাশ হৈছিল। ডাক্তৰৰ মুখত হাঁহি বিৰিঙি উঠিল। তেন্তে সেই পলাই অহা জন্তুটোকে ম‍ই যোৱা নিশা দেৱালৰ কাষত দেখা পাইছিলো। চিৰিয়াখানা কর্তৃপক্ষলৈ এই বিষয়ে বার্তা পঠিয়াবলৈ মন স্থিৰ কৰি তেওঁ চাহৰ পৰ্ব সমাপন কৰি চেম্বাৰলৈ আহিল ৷

 কাৰ্যালয় কক্ষৰ তেওঁৰ মেজত তাঁৰ-বাৰ্তা এখন পৰি আছিল। মিষ্টাৰ আৰ্থাৰ হোমবুকে প্ৰেৰণ কৰা তাঁৰ-বাৰ্তাত লিখা আছিল- 'লুচী অসুস্থ। তৎক্ষণাত আহক।' তেওঁ তাঁৰ-বাৰ্তাখন কেবাবাৰো পঢ়িলে। তাৰ পাছত ভাজ কৰি জেপত ভৰাই কাৰ্যালয় সহায়কাৰীজনক মাতি পঠিয়ালে। যোৱানিশা দেখা কুকুৰনেচীয়াটোৰ বিষয়ে চিৰিয়াখানা কৰ্তৃপক্ষক খবৰ দিবলৈ আৰু তেতিয়াই লিভাৰপুললৈ যোৱা গাড়ীখনত আসন সংৰক্ষণ কৰিবলৈ ডাক্তৰে নিৰ্দেশ দিলে।

॥ ১১ ॥

 হাৰ্কাৰ আৰু লুচীৰ চিন্তাই মীনাক খুলি খুলি খাইছিল৷ লুচীৰ ভাষ্যমতে, তেওঁক ক'লা কাপোৰ পিন্ধা হটঙা মানুহ এটাই নিশা সপোনত আহি সম্মোহন কৰে। তাৰ পাছত লুচীয়ে গলধনত বেজী খোঁচৰ দৰে অনুভৱ কৰে। লগে লগে ধাৰণা হয় - লুচী যেন মহাশূন্যত উপঙি ফুৰিছে আৰু জ্বলন্ত ৰঙা চকু এযোৰে তেওঁক অনুসৰণ কৰি আছে। সৰ্বশৰীৰত এক অনামী বিষে আচ্ছন্ন কৰি ৰাখে। বেজীৰ খোঁচৰ যন্ত্ৰণাৰ উপশম হোৱাৰ লগে লগে ক'লাছাঁটো আঁতৰি যায়। লুচীয়ে সম্বিত ঘূৰাই পালেও সৰ্বশৰীৰ বিষত জৰ্জৰিত হৈ থাকে, অত্যন্ত দুৰ্বল হৈ পৰে তেওঁ। শৰীৰত যেন তেজৰ এসোঁতা অৱশিষ্টও নেথাকে এনে অনুভৱ হয় লুচীৰ। তাইৰ বৰ্ণনাৰ পৰা মীনাই ঠিৰাং কৰিব পৰা নাই, লুচীৰ শৰীৰত এয়া কি বেমাৰে বাহ লৈছে।

 সিদিনা পুৱা শুই উঠি বাহিৰৰ কোঠালৈ ওলাই আহোতে মীনাই মেজত তাঁৰ- বাৰ্তা এখন পৰি থকা দেখিলে। সেইখন দেখি ক্ষন্তেকৰ বাবে তেওঁৰ বুকুখন ঢক্‌ কৰি উঠিল। সেইখন নিশ্চয় হাৰ্কাৰৰ পৰা আহিছে। কিন্তু মানুহটো নিজে নাহি টেলিগ্রাম পঠিয়াইছে কিয় ? কম্পিত হাতেৰে টেলিগ্ৰামখন খুলি পঢ়ি চালে তেওঁ। তাত লিখা আছিল, ‘হাৰ্কাৰৰ অৱস্থা ভাল নহয়। সোনকালে আহা।' প্ৰেৰক চিষ্টাৰ আগাথা । চেণ্ট যোচেফ-মেৰী হস্পিটেল, বুডাপেষ্ট। টেলিগ্ৰামখন পঢ়ি তেওঁ লুচীৰ কোঠালৈ দৌৰি গ'ল। কঁপা মাতেৰে লুচীৰ ফালে টেলিগ্ৰামখন আগবঢ়াই দি মীনাই উচুপিবলৈ