: ‘চাহাব, পগলাটোৰ ওপৰত ভালকৈ চকু ৰাখিব। আমি ইমান গধুৰ বস্তু দাঙিব পাৰো, কিন্তু পগলাটোক ধৰিব পৰা নাছিলো। সম্ভৱ তাৰ গাত পিশাচ লম্ভিছে।' মাটিত উফাল খাই পৰা মজদুৰজনে ক'লে।
: “অন্ধবিশ্বাস!” মনতে ভাবি ডাক্তৰ ওভতি আহিল।
ৰাতি গোটেই চিকিৎসালয় পৰিদৰ্শন কৰি চীৱাৰ্ড নিজৰ চেম্বাৰলৈ আহি থাকোতে মন কৰিলে ৰেনফিল্ডৰ কোঠাৰ খিৰিকীৰ সিপাৰে ঘন কুঁৱলী এচমকাঁ। কোঠাৰ ভিতৰৰ পৰা ৰেনফিল্ডৰ উচুপনিৰ শব্দ ভাহি আহিছে। উৎসুকতাবশতঃ ডাক্তৰ কোঠাৰ খিৰিকীৰ ওচৰ পাওঁতে হিম শীতল বতাহ এজাকে কুঁৱলীবোৰ ছেদেলি-ভেদেলি কৰি পেলালে। ৰেনফিল্ডে বাহিৰলৈ একেথৰে চাই আছে।
: “কি হ'ল ৰেনফিল্ড, কি চাইছা ?' ডাক্তৰে মৰমেৰে সুধিলে।
: ‘তুমি ইয়ালৈ কিয় আহিছা ? তোমাক দেখিলে মালিকে খুব বেয়া পাব ! সৌৱা মালিক গৈছেগৈ !' ৰেনফিল্ডে অতি খঙেৰে ক'লে।
ইফালে সিফালে চাই চীৱার্ডে কাকো নেদেখিলে। হঠাতে দেৱালৰ কাষত তেওঁ কুঁৱলীৰ মাজত ছাঁৰ দৰে আকৃতি এটা দেখিলে। তেওঁ সেইফালে খেদি গ'ল- ‘সেই কোন সেইটো ?' বুলি কোৱাৰ লগে লগে ছাঁয়া চিত্ৰৰ দৰে অবয়ৱটো শূন্যত বিলীন হৈ গ'ল !
তেওঁ ইফালে সিফালে চালে, ক'তো একো নেদেখি তেওঁ পুনৰ ৰেনফিল্ড ওচৰলৈ ঘূৰি আহিল।
ৰেনফিল্ডে খিৰিকীৰ ফালে থৰ হৈ চাই আছিল। ডাক্তৰ কাষ চাপি অহাত তেওঁ উদ্ভ্ৰান্তৰ দৰে ক'লে, 'বহুত বেয়া কথা হৈছে, ডাক্তৰ, আপুনি সেইফালে কিয় গৈছিল? আপুনি তেওঁৰ চকু কেইটা নেদেখিলে?'
: ‘সেইটোনো কোন আছিল ?' ডাক্তৰে গুৰুত্ব নিদি সুধিলে ।
'নাই- নাই, সেইজন কোন আছিল নাজানো! বাদ দিয়ক সেইবোৰ ! ' ৰেনফিল্ডে কপাল কোঁচ খোৱাই ক'লে। ডাক্তৰে পুনৰ কিবা সোধাৰ পূৰ্বেই তেওঁ উচাৎ মাৰি গৈ বিছনাত দীঘল দিলেগৈ। ডাক্তৰে সেইফালে এবাৰ চাই নিজৰ চেম্বাৰলৈ বুলি খোজ ল'লে ৷
চেম্বাৰত বহি ডাঃ চীৱাৰ্ডে হৈ যোৱা ঘটনাটোৰ বিষয়ে ভাবি একো সিদ্ধান্তলৈ আহিব নোৱাৰিলে। তেওঁ দেখা সেই চকু দুটা নিঃসন্দেহে কুকুৰনেচীয়াৰ আছিল। কিন্তু সি হস্পিটেল চৌহদলৈ ক'ৰপৰা আহিল আৰু কুকুৰনেচীয়াটো হঠাতে কেনেকৈ অন্তৰ্ধান হ'ল !
পাছদিনা পুৱা। চাহৰ কাপত চুমুক দি চীৱাৰ্ডে সন্মুখৰ মেজত পৰি থকা খবৰ