সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
■ ২৭
ড্রাকুলা

লক্ষ্য কৰিলে এই বাদুলিটো সচৰাচৰ বাদুলিতকৈ ডাঙৰ। চকু দুটা ৰঙা। ই ডেউকা কোবোৱা নাই, আলাসত ডেউকা মেলি উৰি ফুৰিছে। মীনাই পুনৰ খিৰিকীয়েদি বাহিৰৰ গছজোপালৈ লক্ষ্য কৰি থাকিল। ক্ষন্তেক পাছত তেওঁ খিৰিকী বন্ধ কৰি ওভতি আহিল।

 লুচীয়ে খৰকৈ উশাহ লৈ আছিল। তাৰ লগে লগে ডিঙিৰ সিৰবোৰ ফুলি উঠিছিল। বন্ধ চকুৰ পতা দুটা কঁপি আছিল। মুখত আতংকৰ চিন স্পষ্ট ৰূপত জিলিকি উঠিছিল। ধাৰণা হৈছিল, লুচীয়ে নিশ্চয় ভয় লগা সপোন দেখি আাছে। মুষ্টিবদ্ধ হাত আৰু স্ফীত ভৰি দুখন দেখি মীনাই কি কৰিব ভাবি নেপালে। অথচ লুচীক জগাবলৈও তেওঁৰ সত নগ'ল। আলফুলকৈ লুচীৰ মুখমণ্ডলত হাত ফুৰাই দিওঁতে অনুভৱ কৰিলে— তাইৰ মুখখন যেন হিমৰ দৰে ঠাণ্ডা। গাৰ কম্বলখন ডিঙিলৈকে ঢাকি দি কোঠাৰ পোহৰ নিৰ্বাপিত কৰি মীনা যেতিয়া আহি নিজৰ বিছনাত বাগৰ দিলে, তেতিয়া অদূৰৰ গীর্জাত নিশা এটা বজাৰ ঘণ্টা বাজিছিল ।

 হাৰ্কাৰৰ চিন্তাত মীনা বিছনাত বাগৰি আছিল, কেতিয়া নিদ্ৰা দেৱীয়ে তেওঁক নিজৰ কোলাত তুলি ল'লে, তেওঁ গমেই নেপালে। সম্ভৱ তেওঁ টোপনি যোৱা দুঘণ্টামান হৈছিল হঠাতে হিম শীতল বায়ুৱে তেওঁক জগাই দিলে । উচপ খাই সাৰ পাই মীনাই ধৰিব নোৱাৰিলে কোঠাটোলৈ হঠাতে এনেদৰে শীতল বায়ু ক'ৰ পৰা আহিল। শিতানত থকা মমডাল জ্বলাওতে দেখিলে তেওঁৰ আৰু লুচী শোৱা কোঠা দুটাৰ মাজৰ দৰজাখন খোলা। দৰজাত তলা লগাই ৰুমালত বান্ধি থোৱা চাবিটো বিচাৰি মীনাই নেপালে। ধৰফৰাই উঠি লুচী শুৱা বিছনালৈ চাই লুচীক নেদেখি তেওঁ নিচিন্ত হ'ল, লুচী নিশ্চয় বাহিৰলৈ গৈছে। বাহিৰলৈ যোৱা দৰজাখনৰ তলাটো খোলা।

 'মীনাই লৰালৰিকৈ গৰম চাদৰখন মেৰিয়াই চেণ্ডেল পিন্ধি বাহিৰলৈ ওলাই আহিল। তেওঁ নিশ্চিত যে, লুচী সম্ভৱ বন্দৰৰ ফালে গৈ পকী বেঞ্চত বহি আছে। ইতিপূর্বে লুচীয়ে তেওঁক কৈছিল, তেওঁ সপোনত প্ৰায়ে গীর্জা ঘৰটো, কবৰস্থানখন আৰু সাগৰ পাৰৰ পকী বেঞ্চ কেইখন দেখে। গতিকে কাল বিলম্ব নকৰি মীনাই গীৰ্জাৰ কাষৰ কবৰস্থানৰ কিনাৰেদি সাগৰ পাৰলৈ চমু বাটটোৱেদি প্রায় দৌৰি গ'ল ।

 জোনৰ সেমেকা পোহৰ চতুৰ্দিশে সিঁচৰতি হৈ পৰিছিল যদিও কুঁৱলীৰ বাবে বহু দূৰলৈ দেখা পোৱা নগৈছিল। মীনাই চেণ্টমেৰীজ গীৰ্জাৰ কাষেদি নামি আহোতে ক'লা ডাৱৰ এটুকুৰাই জোনটো ঢাকি দিলে। চতুর্দিশ আন্ধাৰ হৈ পৰিল। লাহে লাহে ডাৱৰ আঁতৰিল। অভ্যস্ত দৃষ্টিৰে মীনাই দেখিলে সাগৰ পাৰৰ পুৰণি বেঞ্চ এখনত কোনোবা হাত ভৰি মেলি বহি আছে। কুঁৱলী পৰি থকাৰ বাবে আকৃতিটো কোন ধৰিব পৰা নাছিল যদিও বহি থকাৰ ভাব-ভংগী দেখি মীনাই অনুমান কৰিছিল এয়া নিশ্চয় লুচীয়েই হ'ব। কিঞ্চিৎ ওচৰ চাপি অহাত মীনাই দেখিলে ওখ-ক্ষীণ দেহৰ ক'লা কাপোৰাবৃত ছাঁ