সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
■ ২৫
ড্রাকুলা

দুটাৰে সি মোলৈ লোলুপ দৃষ্টিৰে চাই আছিল। ভয়তে ম‍ই চিঞৰিবলৈ ধৰিলো। হঠাৎ কুঁৱলীৰ আঁৰত সি নাইকিয়া হৈ গ'ল। ম‍ই এই ডায়েৰীৰ কাগজবোৰ বটলৰ ভিতৰত বন্ধ কৰি থৈছো। যাতে মোৰ মৃত্যু হ'লেও কাগজখিনি পঢ়ি পৃথিৱীবাসীয়ে সত্যৰ উমান পায় ।

 ক’লা ছাঁ আৰু ক'লা ভয়ানক কুকুৰটোৰ বিষয়ে বাতৰি কাকতত আৰু সৰুসুৰা ঘটনাৰ বিৱৰণীত প্ৰকাশিত হৈছিল। কিন্তু ৰহস্যৰ উদ্ঘাটন কেৱে কৰিব নোৱাৰিলে।

 খবৰ কাগজবোৰ পঢ়া হ'লত লুচীয়ে একাষে থৈ দিলে। তাইৰ মুখত অজান আতংকৰ ছাঁ সুস্পষ্ট ৰূপত জিলিকি উঠিল।

॥ ৯ ॥

 যোৱা নিশা মীনাৰ বৰ ভাল টোপনি অহা নাছিল। মাজে মাজে লুচীয়ে টোপনিতে চিঞৰ মাৰি বিছনাত উঠি বহিছিল।

 ‘সেইটো সি আহিছে। সি আহিছে। ম‍ই যাওঁ।' বুলি চীৎকাৰ কৰি লুচীয়ে বিছনাত উঠি বহাৰ লগে লগে মীনাবো অশান্তি বঢ়াই তুলিছিল।

 মীনাই তৎক্ষণাত লুচীৰ হাতত ধৰি জোকাৰি সুধিলে- 'কি হৈছে লুচী, ক'লৈ যাব খুজিছা?'

 সম্বিত ঘূৰাই পাই লুচীয়ে চাৰিওফালে চাই লাজ পাই কৈছিল ‘ক’তা মইতো ক'লৈকো যাব খোজা নাই !”

 মীনাই লুচীৰ চকুহাল লক্ষ্য কৰি দেখিলে – তাত যেন ভয় আতংক লুকাই আছে। মীনাই জানে, লুচীৰ টোপনিতে খোজ কঢ়াৰ পুৰণি অভ্যাস আছে। কিন্তু সি যে এনে ভয়ংকৰ ৰূপ ল'ব, তাক মীনাই জনা নাছিল। লুচীৰ অৱস্থা দেখি মীনাৰ অন্তৰতো অজান ক্ৰিয়া কৰিব ধৰিলে। এনেয়ে তেওঁক হাৰ্কাৰৰ চিন্তাই খুলি খাইছে, তাতে আকৌ লুচীৰ এনে অৱস্থা!

হাৰ্কাৰৰ পৰা চিঠি পোৱা পোন্ধৰ দিন অতিবাহিত হ'ল। কিন্তু তেওঁৰ দেখাদেখিয়ে নাই। মিঃ হকিন্সৰ লগত যোগাযোগ কৰাতো তেওঁ এই বিষয়ে একো সদুত্তৰ দিব নোৱাৰিলে। অধিকন্তু মিঃ হকিন্স নিজেও হাৰ্কাৰৰ সম্বন্ধে উদ্বিগ্ন হৈ আছে।

বিগত কেবানিশাও লুচীয়ে অদ্ভুৎ আচৰণ কৰি আছে। ৰাতি শুবলৈ যোৱাৰ