সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
■ ২৩
ড্রাকুলা

॥ ৮ ॥

 'ডেইলী টেলিগ্রাফ’ত ঘটনাৰ সবিশেষ আৰু আৱিষ্কৃত ডায়েৰীখনৰ পৃষ্ঠাবোৰো প্ৰকাশিত হৈছিল। ডায়েৰীৰ পৃষ্ঠাবোৰ কাগজব নুৰাৰ আকৃতিত পোৱা গৈছিল।

 ১৮ জুলাই। জাহাজখন হাঙ্গেৰী এবাৰ পাছৰ পৰাই নানা বিচিত্ৰ আৰু ভয়ানক ঘটনা সংঘটিত হৈ আছে। মাজে মাজে মোৰ ভয় হয়, হয়তোবা কিবা ভয়াবহ দূর্ঘটনা হ'ব পাৰে। সেইবাবে প্রায় প্রতিদিনে ডায়েৰী লিখি গৈছো।

 ১৯ জুলাই। কোনোবা ব্যক্তিয়ে জাহাজত ডাঙৰ কফিন আকৃতিৰ চন্দুক কিছুমান বোজাই কৰিছে। আশ্চর্যজনক ভাবে চন্দুকবোৰত মাটি ভৰোৱা আছে।

 ২০ জুলাই। এই কফিনবোৰৰ কাৰণে জাহাজৰ খালাছী আৰু নাবিকবোৰে বৰ ভয় খাই আছে। প্রত্যেকে বুকুত ক্ৰুছ আঁকি ভগৱানক সঘনাই প্রার্থনা কৰি আছে।

 ২১ জুলাই। জাহাজৰ নাবিক এজন যোৱা নিশা অন্তৰ্ধান হ'ল। নিজৰ কর্তব্য সমাপ্ত কবি তেওঁ নিশা শুবলৈ গৈছিল। তাৰ পাছৰ পৰা তেওঁৰ একো উৱাদিহ পোৱা নাই।

 ২২ জুলাই। সহকর্মী এজন এনেকৈ নাইকিয়া হোৱাত বাকী কৰ্মচাৰীসকল যথেষ্ট ক্রোধান্বিত হৈছে। তেওঁলোকৰ মতে এয়া নিশ্চয় কোনোবা অপশক্তিৰ কাম। জাহাজৰ তলত ক'লা বস্তু আচ্ছাদিত ছাঁ এটা ঘূৰি ফুৰা বুলিও কোনোৱে মন্তব্য কৰিছে।

 ২৩ জুলাই। যোৱা নিশা জাহাজৰ পৰা আন এজন কৰ্মচাৰী নাইকিয়া হ'ল। জাহাজত অজান ভয়ে সকলোকে কাহিল কৰি তুলিছে। কেবাজনো নাবিকে মোক কোৱা মতে জাহাজখনত ক'লা ভূত এটা ঘূৰি ফুৰে। বহুতে দেখিছেও।

 ২৪ জুলাই। জাহাজখন আমাৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে। জাহাজখন যেন নিজৰ ইচ্ছামতে গৈ আছে। মোৰ সন্দেহ হৈছে – কিবা অজ্ঞাত শক্তিয়ে জাহাজখন যেন চলাই নিছে।

 ২৫ জুলাই। আমি সকলোৱে ভয়ত একো সুস্থিৰ সিদ্ধান্ত ল'ব নোৱাবা হ'লো। নির্ভীক নাবিক আৰু খালাছীবোৰেও ক'লা ভূতৰ বিষয়ে বৰ্ণনা কৰি