: ‘যোৱাকালি তেনে খবৰৰ হেড্ লাইন এটা পঢ়িছিলো, পিছে সবিস্তাৰে
পঢ়া নাছিলো, কি হ'লনো ?”
: ‘শুনা, দুৰাতিৰ আগতে যে ভয়ানক ধুমুহা বলিছিল, মনত আছেনে ?
তেনে ধুমুহা মই আশী বছৰীয়া জীৱনত কেতিয়াও দেখা মনত নপৰে। সেই
ধুমুহাই পকী ঘৰবিলাকো কঁপাই দিছিল।'
: ‘হয়৷ মনত ভালকৈয়ে আছে। লুচী, তুমি হোৱা হ'লে ভয়ত বেহুচ হৈ
গ’লাহেঁতেন; বাপৰে ! কি সাংঘাতিক ধুমুহাৰ কোব আছিল ! মীনাই ক'লে।
: ‘সাধাৰণতে ধুমুহা বলাৰ পাছত আকাশ ফৰকাল হয়। স্নিগ্ধ সূৰ্যৰ কিৰণে
প্রভাতক আলোকিত কৰে। কিন্তু আচৰিতভাবে পাছদিনা পুৱাতো ঘন কুঁৱলীয়ে
চৌদিশ আচ্ছাদিত কৰি ৰাখিছিল।'
: “কিছু সময়ৰ পাছত যেতিয়া কুঁৱলী আঁতৰিল সূৰ্যৰ কিৰণে চতুর্দিশ
উদ্ভাসিত কৰি তুলিলে। আমি আচৰিত হৈ লক্ষ্য কৰিলো, ভগ্নপ্রায় জাহাজ এখনৰ
অৱশেষ বন্দৰৰ কিছু আঁতৰত দুলি আছে। আমি সকলো ডেকলৈ উঠি গ'লো ৷
জাহাজখন আনি পাৰত লগাই দিলে। জাহাজখনৰ পৰা ভয়ানক কুকুৰ এটা জাপ
মাৰি নামি, কবৰস্থানৰ ফালে দৌৰ মাৰিলে। কুকুৰটো সম্ভৱ কুকুৰনেচীয়াৰ বংশধৰ
হ'ব। সকলোৱে কুকুৰটোৰ ভয়ানক চেহেৰা দেখি একাষৰীয়া হৈ দিলে।
জাহাজখনত উঠি আমি তাত কোনো জনমানৱৰ চিহ্ন দেখা নাপালো। সন্মুখৰ
মাস্তুলৰ কাষৰ ষ্টেৰিঙৰ লগত মৰাশ এটা বান্ধ খাই আছিল। তেওঁৰ হাতত বটল
এটা আছিল। বটলৰ ভিতৰত কাগজৰ নুৰা এটা ভৰাই থোৱা আছিল। ক্ষন্তেক
পিছতে সমুদ্রী পুলিচে জাহাজখন ঘেৰি ধৰি তালাছী আৰম্ভ কৰিলে। জাহাজখন
কোনোবা ৰুছীয়া কোম্পানীৰ আছিল। 'ব্লাষ্টৰ' নামৰ জাহাজখন হাঙ্গেৰীৰ পৰা
যাত্ৰা কৰিছিল। জাহাজত মালবস্তুৰ নামত কেৱল দামী কাঠৰ কফিন সদৃশ চন্দুক
কেতবোৰত মাটি ভৰাই থোৱা আছিল। চন্দুকবোৰ 'চেমুৱেল এণ্ড ৱিলিংডন এণ্ড
চল' নামৰ উকীল কোম্পানী এটালৈ প্ৰেৰণ কৰা হৈছিল। গতিকে চন্দুকবোৰ
কোম্পানীটোৰ কাগজ-পত্ৰ পৰীক্ষা কৰি সপি দিয়া হ'ল। কিন্তু জাহাজৰ ৰহস্য
উদ্ঘাটন নহ'ল।'
: ‘জাহাজৰ বিষয়ে যোৱা দুদিন ধৰি নানা মুখৰোচক কাহিনী প্ৰলিত হৈ আছে। আৰু এইবোৰেই খবৰ কাগজৰ মুখ্য পৃষ্ঠা ভৰি আছে।' বৃদ্ধই সামৰণি মাৰিলে।
বৃদ্ধৰ পৰা বিদায় লৈ দুয়ো বান্ধৱী ঘৰলৈ ওভতিল ।