সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮ ■
ড্রাকুলা


 মৃতদেহটো চুই চাবলৈ হাৰ্কাৰৰ তীব্ৰ ইচ্ছা হ'ল। কিন্তু তেওঁ সাহস কৰিব নোৱাৰিলে। এই ভৌতিক মহলৰ পৰা পলাবলৈ হ'লে তেওঁক দৰজাৰ চাবি লাগিবই আৰু তেওঁ জানে চাবিকোছা ড্রাকুলাই জেপত লৈ ফুৰে।

 তেওঁ মনটো দৃঢ় কৰি কাউণ্ট ড্রাকুলাৰ কাপোৰ খুচৰিবলৈ ধৰিলে। কিন্তু চাবিকোছা নেপালে। হতাশ হৈ তেওঁ কাউণ্টলৈ চালে, তেওঁৰ এনে অনুভৱ হ'ল যেনিবা কাউণ্টে তেওঁলৈ গৰ্বভৰা চাৱনিৰে ভৎসৰ্নাহে কৰিছে। নিৰ্জীৱ চকুহালে তেওঁলৈ এনেদৰে চাই আছে যেন শত্ৰু এজনলৈহে দৃষ্টি নিক্ষেপ কৰিছে। হাৰ্কাৰৰ অনুভৱ হ'ল হয়তো ড্রাকুলা উঠি তৎক্ষণাত তেওঁক ধৰি পেলাব। চন্দুকৰ ঢাকনি পূর্ববত বন্ধ কৰি তেওঁ কোঠাৰ পৰা ওলাই আহিল ৷

 মুক্ত প্ৰাংগণত থিয় হৈ হাৰ্কাৰে দেখিলে - সন্ধ্যা লাগিবলৈ বেছিপৰ নাই । তেওঁ সুৰংগৰ বাটেদি নিজৰ কোঠালৈ ওভতি আহিল। ভয়, উত্তেজনা আৰু কিংকর্তব্যবিমূঢ় হৈ অৱশ দেহেৰে তেওঁ বিছনাত ঢলি পৰিল ।

 নিশা বাহিৰত অঘৰী জিপসীবিলাকৰ সুমধুৰ গীত আৰু বাদ্যৰ সুৰ ভাহি উঠিল। লগে লগে ঘোঁৰাৰ চিঁচিয়নি আৰু বাগী চলাৰ শব্দও শুনা গ'ল। বাগীখন মুখ্য গেটেদি মহলৰ ভিতৰলৈ সোমাই আহিছিল। ড্রাকুলাই মানুহখিনিক সম্ভৱ আগতেই মাতি থৈছিল। জীৱনৰ সুমধুৰ গীত গাই গাই জিপসীবোৰে চন্দুকবোৰ ঘোঁৰাবাগীত বোজাই কৰি মহলৰ পৰা ওলাই গ'ল। মহলৰ মুখ্য গেটখন সিহঁতে বন্ধ কৰি তলা লগাই দিলে।

 হার্কাৰে অনুভৱ কৰিলে তেওঁ এই মহলটোত অকলে আছে। একেবাৰে অকলে। তেওঁৰ পত্নী মীনালৈ মনত পৰিল। বেচেৰীয়ে হয়তো আশাৰে বাট চাই আছে— ইয়াৰ কাম সোনকালে সমাপণ কৰি তেওঁ পত্নীৰ কাষলৈ ঘূৰি যাব ! কিন্তু পাৰিব জানো যাবলৈ? তেওঁৰ এই বন্দীত্বৰ মুক্তি কেতিয়া ?

 তেওঁ বিছনাৰ পৰা উঠি খোলা খিৰিকীৰ কাষত থিয় হ'ল। আকাশত ক’লা ডাৱৰে জোনাকৰ লগত লুকা-ভাকু খেলি আছে। বতাহৰ গতিৰ লগে লগে ডাৱৰবোৰে আকৃতি সলাই বিভিন্ন ৰূপ ধাৰণ কৰিছে। প্ৰকৃতিৰ লীলা খেলা চাই চাই হাৰ্কাৰ অভিভূত হ'ল ৷

 'মীনা ! মোৰ মৰমী লগৰী! ম‍ই তোমাৰ কাষলৈ কেনেকৈ যাওঁ? মই ইয়াত থাকিলে পাগল হৈ যাম, হয়তো ময়ো ইয়াৰ ডাইনী-পিশাচিনীৰ চিকাৰ হৈ এটা নৰপিশাচলৈ ৰূপান্তৰিত হ'ম! কিন্তু ম‍ই ভূত হ'বলৈ নিবিচাৰো, ম‍ই মানুহ