সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
■ ১৭
ড্রাকুলা

কাঠৰ চন্দুক চাৰিটা আছিল। যি কেইটা প্ৰায়ে কফিন আকৃতিৰ আছিল। হার্কাৰে দেখিলে দৰজা মুখৰ পৰা চন্দুক চাৰিটালৈ ধূলিৰ ওপৰত পদচিহ্ন স্পষ্টৰূপত জিলিকি আছে। কোঠাটোৰ চৌদিশ ধূলি ধূসৰিত যদিও চন্দুক কেইটাৰ ঢাকনি কেইখন কিন্তু আশ্চর্যজনক ভাবে পৰিষ্কাৰ। কোঠাটোৰ আন চুকত অপেক্ষাকৃত কম দামী কাঠৰ আন কেবাটাও চন্দুক আছিল।

 হার্কাৰে চন্দুক এটাৰ ওচৰলৈ গৈ ঢাকনিখন খুলিবলৈ চেষ্টা কৰিলে । আলাসতে ঢাকনিখন খোল খাই গ'ল। চন্দুকৰ ভিতৰখন দেখিয়ে তেওঁ শ্বাস ৰুদ্ধ হৈ পৰিল। নিশ্বাস এৰিবলৈও তেওঁ পাহৰি গ'ল। সুন্দৰ মকমলৰ দলিচাত শুৱাই থোৱা আছে এগৰাকী গাভৰু, যি গৰাকীক তেওঁ সিদিনা ৰাতি জোনৰ পোহৰত তেওঁৰ কোঠাত দেখিছিল। যুবতী গৰাকীৰ দেহ সতেজ হৈ আছিল, যেন ক্ষন্তেক আগতেহে তেওঁ আহি শুইছে। আধাখোলা ৰক্তিম ওঁঠযুৰিত যেন কিবা এক সন্মোহনী মাদকতা। চকুযুৰি আছিল অৰ্দ্ধনিমিলীত।

 সন্মোহিত হৈ হাৰ্কাৰে কিছুপৰ যুৱতী গৰাকীলৈ চাই ৰ'ল। হঠাতে তেওঁ যেন সম্বিত ঘূৰাই পালে। লগে লগে চন্দুকটো ঢাকনিখনেৰে বন্ধ কৰি দিলে। তেওঁ বাকী দুটা চন্দুকো ঢাকনি আঁতৰাই চাই ল'লে। তাত সেই যুৱতী দুগৰাকী আছিল। যি দুগৰাকী তেওঁ সিদিনা ৰাতি কোঠাটোত দেখিছিল। দুয়োগৰাকীৰ ওঁঠ দুযোৰ আছিল লালিমা ভৰা, সতেজ – যেন কোনোবাই তাজা ৰক্ত ওঁঠবোৰত সানি থৈছে।

 হার্কাৰে ধৰিব নোৱাৰিলে যুৱতী কেইগৰাকী জীৱিত নে মৃত ! কাৰণ তেওঁলোকৰ শৰীৰত প্ৰাণৰ স্পন্দন নাছিল ; নাছিল শ্বাস-প্রশ্বাস লোৱাৰ প্ৰমাণ! অথচ দেহ কেইটা সতেজ-সজীৱ ।

 তেওঁ এইবাৰ চতুৰ্থ চন্দুকটোৰ কাষ চাপিল। চতুৰ্থ চন্দুকটো কিঞ্চিৎ আঁতৰত ৰখা হৈছিল। ডাঙৰ লোহাৰ গজাল মাৰিব পৰাকৈ চন্দুকটোত ফুটা কৰি থোৱা আছিল। এইটো আছিল বাকী তিনিটাতকৈ অপেক্ষাকৃত বৃহৎ। হাৰ্কাৰে সাৱধানেৰে ঢাকনিখন খুলি সচকিত হৈ পৰিল। তেওঁ থৰ-থৰকৈ কঁপিব ধৰিলে । উত্তেজনা আৰু ভয়ত সৰ্বশৰীৰ ঘামেৰে জুৰুলা হ'ল। বৃহৎ চন্দুকটো জুৰি শুই আছে কাউণ্ট ড্রাকুলা। আধামেলা চকুহাল জঠৰ হৈ আছিল। জিলিকি থকা চকুৰ বগা অংশ অতি বীভৎস লাগিছিল। যদিও সেইটো মৃত ব্যক্তিৰ শৱদেহ বুলি বুজিব পৰা গৈছিল-তথাপিও তাত কাউণ্টৰ ব্যক্তিত্ব পৰিস্ফুট হৈ আছিল । ওঁঠত লাগি থকা তাজা ৰক্ত দুই কোৱাৰিয়েদি বৈ গোট মাৰি আছিল।