সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
■ ১৩
ড্রাকুলা


 যুৱতীৰ প্ৰাৰ্থনাই কাউণ্টৰ মনৰ পৰিবৰ্তন কৰিব নোৱাৰিলে। তাই আঠু কাঢ়ি বহি উচুপি উচুপি কান্দিবলৈ ধৰিলে।
 : “আঁতৰ ইয়াৰ পৰা। মানুহজনক মোৰ প্ৰয়োজন আছে। মোৰ কাম শেষ হোৱাৰু পাছত তহঁতে এওঁক লৈ যাবি ; তাৰ পাছত যিমান মন যায় প্ৰেম কৰি থাকিবি। এতিয়া নহয় কিন্তু ! কেইদিনমানৰ পাছত !”
 : ‘নহয়, নহয় মোক এতিয়াই লাগে, মই এদিনো অপেক্ষা কৰিব নোৱাৰো।' যুৱতীয়ে কান্দি কান্দি ক’লে।
 : ‘এতিয়া নহয়, কোনোমতেই নহয়। এওঁৰ হতুৱাই মোৰ বহুত কাম কৰিবলগীয়া আছে।' কাউণ্টে ক্ৰুৰতাপূৰ্ণ সুৰেৰে ক'লে ৷
 : ‘তেন্তে আজি ৰাতি আমি একো নেপামনেকি কাউণ্ট ? আপুনি আমাৰ মুখৰ পৰা চিকাৰ কাঢ়ি নিলে ; আমাক যদি প্রতিদানত একো নিদিয়ে, আমি ক'লৈ যাম? আপোনাৰ বাহিৰে আমাৰ একো গতি নাই ; আমাক কৰুণা কৰক।' তিনিওগৰাকীয়ে কাবৌ কোকালি কৰিব ধৰিলে ।

 ড্রাকুলাৰ ক্ৰোধ কিছু শান্ত হ'ল। তেওঁ সিহঁত তিনিজনীলৈ চাই ক'লে- ‘ল, এইটো টোপোলাত তহঁতৰ আহাৰ আছে; ভগাই খাই ল। তেওঁ কাষলতিৰ তলৰ পৰা টোপোলা এটা উলিয়াই মজিয়াত পেলাই দিলে। লগে লগে টোপোলাৰ ভিতৰৰ পৰা কেচুৱাৰ ক্ৰন্দন ভাহি আহিল।

 যুৱতী তিনিজনীয়ে ক্ষুধাতুৰ বাঘিণীৰ দৰে টোপোলাটো তৎক্ষণাত বুটলি, পাঁছ হোঁহকি আধা ছাঁ আধা পোহৰ পৰি থকা ঠাই টুকুৰালৈ আঁতৰি গ'ল। চাওঁতে চাওঁতে হাৰ্কাৰৰ দৃষ্টিৰ সন্মুখতে টোপোলাটো সহিতে যুৱতী কেইগৰাকী শূন্যত বিলীন হৈ গ'ল। মাত্ৰ বতাহত ভাহি থাকিল কেচুৱাৰ টেৱাঁ টেৱাঁ কান্দোন।

 হার্কাৰে আৰু সহ্য কৰিব নোৱাৰিলে। কোন মুহূৰ্তত তেওঁ চেতনা লুপ্ত হৈ নিদ্ৰা দেবীৰ কোলাত ঢলি পৰিল। তেওঁ নিজেই ক'ব নোৱাৰিলে।

॥৫॥

 ইতিমধ্যে সেই ভৌতিক মহলত হাৰ্কাৰে কেবাদিনো অতিবাহিত কৰিলে । ৫ জুনৰ সুন্দৰ মোহক প্রভাতে হাৰ্কাৰৰ নিদ্ৰা ভংগ কৰিলে। মোহক প্ৰভাত এটা প্ৰকৃতিৰ কি শ্ৰেষ্ঠ অৱদান তাক হাৰ্কাৰৰ দৰে দুঃস্বপ্নৰে ভৰা ৰাত্রি যাপন কৰা ব্যক্তিয়েহে দেহৰ সিৰাই সিৰাই অনুভৱ কৰিব পাৰে। হাৰ্কাৰৰ দুচকুত বিগত নিশাৰ ভয়ংকৰ ঘটনাবোৰৰ স্মৃতিৰ ৰেশ তেতিয়াও লাগি আছিল।