সমললৈ যাওক

পৃষ্ঠা:ড্ৰাকুলা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
■ ১১
ড্রাকুলা


 : ‘এতিয়া ম‍ই যাওঁ। ৰাতি কাম আছে। ৰাতি-বিয়লি আপুনি নিজৰ কোঠাৰ বাহিত ঘূৰি নুফুৰিব। মাত্ৰ নিজৰ কোঠাতহে শুই থাকিব।' ড্ৰাকুলাই কথাখিনি কৈ বাহিৰ ওলাই গ'ল।

 হাৰ্কাৰে কিছুসময় তাতে বহি থাকিল। সন্ধ্যা পূৰ্ণিমা জোনটোৰ পোহৰ চৌদিশে উদ্ভাসিত হৈ পৰিছিল। হাৰ্কাৰ কোঠাৰ পৰা বাহিৰ ওলাল। বাহিবৰ শীতল বতাহ আৰু জোনব উজ্জ্বল পোহৰে তেওঁৰ মনৰ ভয় বহুতো লাঘৱ কৰিলে। এনেতে তেওঁৰ অনুভৱ হ'ল, ডাঙৰ নিশাচৰ পক্ষী এটাই ডেউকা কোবাই তেওঁৰ মূৰৰ ওপৰেদি উৰি গৈছে। তেওঁ মূৰ তুলি ইফালে সিফালে চালে, কিন্তু একো নেদেখিলে।

 মনত সাহস সঞ্চাৰ কৰি মম এডাল জ্বলাই তেওঁ কাষৰ কোঠাবোৰ চাবলৈ মন মেলিলে। কেবাখনো দৰজা খুলি পুনৰ বন্ধ কৰি এটা এটাকৈ কোঠাবোৰ চাই চাই তেওঁ ডাঙৰ কোঠা এটাত উপস্থিত হ'লহি। কোঠাটো পুৰণি ৰজা-মহাৰজা দিনৰ আচবাব-পত্ৰৰে ভৰি আছিল। খিৰিকীবিলাকত পৰ্দা নাছিল। খিৰিকীৰ কাঁচেদি জোনৰ পোহৰ সোমাই কোঠাটো উদ্ভাসিত কৰি তুলিছিল। কোঠাৰ মজিয়াত জমা হৈ থকা ধূলি-বালিবোৰ কিমান প্ৰাচীন আছিল ভগৱানেহে জানিছিল। কোঠাটোৰ পৰিবেশ শান্ত আছিল যদিও ভয়াৱহ আৰু গহীন আছিল। তেওঁৰ মনত দৃঢ় ধাৰণা হ'ল ড্ৰাকুলা এটা ভণ্ড-মিছলীয়া চয়তান; যদিও তাৰ প্ৰকৃত স্বৰূপ তেওঁ তেতিয়ালৈকে দেখা নাছিল।

 ভীতি আৰু উত্তেজনাই তেওঁক কাহিল কৰি আনিছিল। তাত থকা প্ৰাচীন মূল্যবান সুসজ্জিত পালেং এখনত তেওঁৰ বাগৰ মাৰিবলৈ মন গ'ল। পালেংখনত শুই শুই তেওঁ ভাবিবলৈ ধৰিলে - বোধকবো এইখন পালেং নিশ্চয় কোনোবা ৰাজকুমাৰীৰ আছিল। পালেঙখনত ধূলিব তৰপ পৰি আছিল যদিও তেওঁ তাত শুই আৰাম পাইছিল। তেওঁৰ যেন চিলমিলকৈ টোপনি আহিছিল। তেওঁৰ অনুভৱ হ'ল কোঠাটোলৈ যেন কোনোবা সোমাই আহিছে। তন্দ্ৰালস দৃষ্টিৰে তেওঁ দেখিলে—জোনৰ পোহৰত যেন তিনিটা নাৰীমূৰ্তি আলাসতে সৃষ্টি হৈ তেওঁৰ কাষ চাপি আহিছে। নাৰী মূৰ্তি কেইটাৰ ছাঁ কিন্তু মজিয়াত বা আন ক’তো পৰা নাছিল। নাৰী মূৰ্তি তিনিটাই তেওঁক গভীৰ দৃষ্টিৰে চাবলৈ ধৰিলে। তাৰ পাছত নিজৰ ভিতৰতে সিহঁতে ফুচফুচনি তুলি বাৰ্তালাপ কৰিব ধৰিলে; কিন্তু সিহঁতে কি কথা পাতিছিল, তেওঁ বুজি পোৱা নাছিল। নাৰী মূৰ্তি তিনিগৰাকীৰ ভিতৰত মাজৰ গৰাকী আছিল অতীব সুন্দৰী, বেশ-ভূষাৰে তেওঁক ৰাজকুমাৰী যেন লাগিছিল, তেওঁৰ দুয়োকাষে থকা দুগৰাকী যেনিবা তেওঁৰ পৰিচাবিকা আছিল। তেওঁলোকো মোহময়ী আছিল।