: ‘ও হয়। ময়েই। আপুনি মিঃ হাৰ্কাৰ?'
: ‘হয়, হয়। ময়েই হাৰ্কাৰ। যাক আপুনি মহল বিক্ৰীৰ বাবে আইনগত
কাগজ-পত্ৰ ঠিক কৰিবলৈ মাতিছে।'
: ‘আপুনি ভাগৰি-জুগৰি আহিছে। আহক, আপোনাৰ কোঠাটো দেখুৱাই
দিওঁ। আপুনি সময়মতে আহি পোৱাত মই বৰ আনন্দিত হৈছো।'
কাউণ্টে নিজে হাৰ্কাৰৰ টোপোলাবোৰ দাঙি লৈ খোজ দিলে।
: ‘আৰে! আৰে!! আপুনি কি কৰিছে? টোপোলা কেইটা ময়েই নিব,
পাৰিম।' হাৰ্কাৰে আথেবেথে ক'লে।
: ‘আপুনি মোৰ আলহী । আলহীক সেৱা কৰাটো আমাৰ বংশৰ
পৰম্পৰা,তাতে মহলত এতিয়া লগুৱাবোৰো নাই। আহক, মোৰ একো অসুবিধা
নহয়।' কৈ কৈ ড্রাকুলা আগবাঢ়ি চিৰি বগাই ওপৰলৈ উঠিব ধৰিলে ।
হার্কাৰেও তেওঁৰ পিছে পিছে গৈ থাকিল। তেওঁ সুধিব খুজিছিল- ঘোঁৰা বাগীৰ কচোৱানটোৱেও দেখোন বস্তু কেইটা কঢ়িয়াব পাৰিলেহেঁতেন- সি বা ক'ত গ'ল। প্ৰশ্ন কৰাটো অভদ্ৰামি ভাবি তেওঁ একো নুসুধিলে।
মহলৰ ভিতৰ ভাগ প্ৰকাণ্ড আছিল। নানা ধৰণৰ কথা-বতৰা পাতি ঘূৰি
পকি কাউণ্টে গৈ ওপৰ মহলাৰ প্ৰকাণ্ড কোঠা এটালৈ হাৰ্কাৰক মাতিলে। মম
জ্বলাই কোঠাটো পোহৰাই থোৱা আছিল। ইমান নির্জন হাবিতলীয়া ঠাইত সুসজ্জিত
কোঠাৰে পৰিপূৰ্ণ মহলটো দেখি হাৰ্কাৰ অতি আচৰিত হৈছিল।
: ‘হাৰ্কাৰ চাহাব, আপুনি ভাগৰি-জুগৰি আহিছে, সেয়ে মুখ-হাত ধুই
আহাৰ খাই লওক, আপোনাৰ আহাৰ সৌৱা মেজত সজাই থোৱা আছে। আহাৰ
খাই ৰাতিটো আৰামেৰে শুৱক, কাইলৈ কথা পাতিম।' – কাউণ্টে ক'লে।
ভোকত হাৰ্কাৰৰ অৱস্থা কাহিল হৈ আছিল। ক্ষণ বিলম্ব নকৰি হাত-মুখ
ধুই তেওঁ আহার্য গো-গ্রাসে গিলিবলৈ ধৰিলে। তেওঁৰ আহাৰ গ্ৰহণৰ ব্যতিব্যস্ততা
দেখি কাউণ্টে মিচিকিয়াই হাঁহিলে।
: ‘আহাৰ গ্ৰহণৰ সংগ দিব নোৱাৰি মই দুঃখিত। এতিয়া বিদায়, শুভৰাত্ৰি । '
কৈ কৈ ড্রাকুলা কোঠাৰ পৰা ওলাই গ'ল। যাওঁতে তেওঁ মজবুত কাঠৰ দৰজাখন
বন্ধ কৰি গ'ল।
ড্রাকুলা ওলাই যোৱাৰ পাছত হাৰ্কাৰৰ মন আতংক আৰু বিভীষিকাই আবৰি ধৰিলে। তেওঁৰ ধাৰণা হ'ল, তেওঁ যেন ভুলক্রমে ইয়ালৈ আহিল। জীৱিত অৱস্থাৰে ওভতি যাব পাৰিবনে নোৱাৰে তেওঁৰ সন্দেহ হ'ল।