পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাৰে। তেওঁলোকে মোক পাঁচশ পেছোঁ আৰু এটা নতুন দামী ঘড়ী উপহাৰ দিলে। এটি বিশেষ ব্ৰেণ্ডৰ ছুইংগাম খাইছিলোঁ বাবে বিজ্ঞাপন দি পালোঁ এহেজাৰ পেছোঁ। মই এইবাবেও ভাগ্যৱান যে মই পিন্ধা জোতাযোৰৰ বিজ্ঞাপন এটা দিয়া বাবে কোম্পানীয়ে মোক দিলে ছয় হেজাৰ পেছোঁ। মোৰ কাহিনীটো ৰেডিঅ'ত ক'লোঁ বাবে লাভ কৰিলোঁ আন পাঁচ হেজাৰ পেছোঁ। কাহানিও কল্পনা কৰিব নোৱৰা কথা— দহ দিনৰ ক্ষুধা আৰু তৃষ্ণা সহিব পৰা কথাটো যে ইমান লাভজনক হৈ উঠিব পাৰে। কিন্তু বাস্তৱিকতে সেয়াই ঘটিছে। এইপৰ্যন্ত মই লাভ কৰিছোঁ দহ হেজাৰ পেছোঁ৷ পিছে এটা কথা ঠিক— দহ লক্ষ পালেও মই আৰু এনে অভিযানলৈ দুনাই নাযাওঁ।

 কিন্তু অচিৰেই শেষ হৈ গ'ল মোৰ বীৰৰ জীৱন যাত্ৰা। তেনেই স্বাভাৱিক জীৱনৰ গৰাকী মই। পুৱা দহ বজাত বিছনা এৰোঁ। কাফেলৈ গৈ বন্ধু-বান্ধৱৰ সৈতে আড্ডা দিওঁ বা কোনোবা বিজ্ঞাপন সংস্থাৰ সৈতে কথা পাতোঁ— যি হয়তো মোৰ অভিজ্ঞতাক লৈ কিবা কাম কৰিছে। নিয়মিত চিনেমা চাওঁ মই।

 মোলৈ নিতৌ চিঠি আহে বিভিন্ন ঠাইৰ পৰা। পত্ৰলেখকৰ বেছিভাগকে মই চিনি- জানি নাপাওঁ। এদিন পেৰেইৰাৰ পৰা এখন চিঠি আহিল। চিঠিৰ তলত এটা নাম— জে ভি চি। লগত লাইফ বোট আৰু গঙাচিলনীক কেন্দ্ৰ কৰি ৰচা এটা দীঘল কবিতা। মেৰী এড্ৰেছে মোলৈ নিয়মিত চিঠি পঠিয়াইছে। তাই এখন ফটোও পঠিয়াইছে— য'ত আছে মোৰ বিদেহ আত্মাৰ শান্তিৰ বাবে আয়োজন কৰা প্ৰাৰ্থনা সভাৰ দৃশ্য। এই ফটোখনো শেষত প্ৰকাশিত হ’ল বাতৰি কাকতৰ পৃষ্ঠাত।

 মোৰ গল্প দোহাৰিছোঁ বাৰম্বাৰ। ৰেডিঅ'ত কৈছোঁ, টেলিভিছনত কৈছোঁ। কৈছোঁ মোৰ সমস্ত বন্ধু-বৰ্গ, আত্মীয়-স্বজনক। কোনোবাই মোক কৈছে— এই গল্পটো হেনো অবাস্তৱ-অলীক কল্পনা।

 মই তেওঁলোকক তেতিয়া প্ৰশ্ন কৰিছোঁ— ‘যদি সেয়ে হয়, তেন্তে সমুদ্ৰৰ বুকুত দহটা দিনে কি কৰি আছিলোঁ মই?’

৯৪