পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘মোৰ ওচৰত ছুৰী নাই।’— মানুহজনে উত্তৰ দিলে।

 তেওঁ সঁচা কথা কোৱা নাছিল। তেওঁৰ বেল্টত এখন ছুৰী ওলমি থকা মই দেখিবলৈ পাইছিলোঁ। মোৰ দেহত যদি শক্তি থাকিলহেঁতেন, তেন্তে ছুৰীখন মই কাঢ়ি ল'লোহেঁতেন আৰু নাৰিকল এটা কাটি ভিতৰৰ সকলোখিনি খাই পেলালোহেঁতেন।

 পাছত বুজিছিলোঁ কিয় তেওঁ মোক নাৰিকলৰ পানী দিব খোজা নাছিল। মোক লগ পোৱাৰ পাছত প্ৰথমে তেওঁ যেতিয়া আঁতৰি গৈছিল, তেতিয়া তেওঁ দুই কিলোমিটাৰ নিলগৰ এখন গাঁৱলৈ গৈছিল। সেই গাঁৱৰ মানুহে তেওঁক পৰামৰ্শ দিছিল— যাতে ডাক্তৰৰ পৰামৰ্শ অবিহনে মোক একো খাবলৈ দিয়া নহয়। আৰু এতিয়া বিড়ম্বনা এয়ে যে ইয়াত একেবাৰে সমীপৰ ঠাই ছান জুৱান দে উৰাবাতহে থাকে ডাক্তৰ, য’লৈ যাবলৈ সময় লাগিব আৰু দুটা দিন।

 আধাঘণ্টামানৰো কম সময়ৰ ভিতৰত আমি এটা ঘৰত উপস্থিত হ'লোঁ। ৰাস্তাৰ দাঁতিত অৱস্থিত এটা পুৰণিকলীয়া ঘৰ।

 কাঠেৰে তৈয়াৰী, চালখন টিনৰ। ঘৰৰ আৱাসী হিচাপে আছে তিনিজন পুৰুষ আৰু দুগৰাকী মহিলা। সকলোৱে ধৰি-মেলি মোক গাধৰ পৰা নমালে। তাৰ পাছত দাঙি লৈ গ'ল শোৱনি কোঠালৈ। তাতে বিছনা এখনত শুৱাই দিলে। মহিলা এগৰাকীয়ে ৰান্ধনি ঘৰৰ পৰা ডালচেনিৰ গোন্ধেৰে ভৰা অলপ গৰমপানী লৈ আনিলে। তেওঁ বিছনাৰ কাষত বহি লৈ চামুচেৰে মুখত বাকি দিলে সেই পানী। পৰম তৃপ্তিৰে কেইচামুচমান খালোঁ মই। এনে লাগিল যেন শক্তি উভতি আহিছে মোৰ। দূৰ হৈছে তৃষ্ণা ৷ এতিয়া মাথোঁ মই তেওঁলোকক ক'ব খোজোঁ— কি হৈছিল মোৰ।

 দুৰ্ঘটনাৰ খবৰটো কোনেও শুনা নাছিল। মই আদ্যোপান্ত বিৱৰি ক’বলৈ ধৰিলোঁ ঘটনাটো— যাতে সিহঁতে বুজি পায় মই কি কষ্টৰে নিজৰ জীৱন ৰক্ষা কৰিব পাৰিছোঁ। মই প্ৰথমে ভাবিছিলোঁ— পৃথিৱীৰ যি স্থানতে উপস্থিত নহওঁ কিয়, সকলোৱে ইতিমধ্যে জানি গৈছে দুৰ্ঘটনাৰ সেই চাঞ্চল্যকৰ খবৰ। মহিলাগৰাকীয়ে মোক এটা শিশুৰ দৰে চামুচেৰে ডালচেনিৰ পানী খুৱাই থকাৰ সময়ত মোৰ ভুল ভাগিল। বুজি পালোঁ যে মই ভুল ধাৰণাৰ বশৱৰ্তী হৈ আছিলোঁ।

 মই তেওঁলোকক বাৰে বাৰে কোৱাৰ চেষ্টা কৰিলোঁ, প্ৰকৃততে কি ঘটিছিল। পুৰুষ-মহিলাসকলে কেৱল মোৰ বিছনাৰ কাষত থিয় হৈ নিৰুত্তাপ দৃষ্টিৰে চাই ৰৈছে। এনে লাগিছে যেন মোক কেন্দ্ৰ কৰি কিবা এটা অনুষ্ঠান চলিছে। দহ দিন সাগৰত হাঙৰৰ মুখৰ পৰা বাচি আহি, সমুদ্ৰৰ সকলোধৰণৰ বিপৰ্যয়ৰ পৰা ৰক্ষা পৰি আজি যদি মই আনন্দত আত্মহাৰা হৈ নপৰিলোহেঁতেন, তেন্তে এই মানুহবোৰ ভিন্নগ্ৰহী প্ৰাণী বুলি বিশ্বাস কৰিলোহেঁতেন।

৮৫