পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাৰ

ছশ মানুহে মোক
কঢ়িয়াই নিলে ছান জুৱানলৈ

 সেই মুহূৰ্তত মই মুঠেও যি আশা কৰা নাছিলোঁ স্পষ্টকৈ তেওঁ সেয়াই উত্তৰ দিলে— ‘কলম্বিয়া।’

 প্ৰতিশ্ৰুতি দিয়া অনুসৰিয়েই মানুহজন উভতি আহিল। মই অপেক্ষা কৰাৰ আগতেই কিছু সময় পাছতে মানুহজন উভতি আহিল। খৰাহি বোজাই গাধটো আৰু এলুমিনিয়ামৰ পাত্ৰটো লোৱা সেই ক’লী ছোৱালীজনীও ( পাছত জানিবলৈ পাইছিলোঁ, তাই হেনো মানুহজনৰ বান্ধৱী ) তেওঁৰ লগত আছে। কুকুৰটোৱে মোক এতিয়াও এৰি দিয়া নাই। শুঙা আৰু চেলেকা বন্ধ কৰি সি মোৰ কাষতে শুই পৰিছিল। আধা টোপনিৰ মাজত থাকি সি তাৰ গৰাকীলৈ সম্ভৱতঃ অপেক্ষা কৰিছিল। গাধটো দেখাৰ পাছত সি এতিয়া নেজ জোকাৰি জঁপিয়াবলৈ ধৰিলে।

 ‘তুমি খোজকাঢ়িব পাৰিবানে?’- মানুহজনে প্ৰশ্ন কৰিলে।

 ‘চাওঁচোন বাৰু।’— থিয় হ’বলৈ চেষ্টা কৰিলোঁ মই, কিন্তু ভাৰসাম্য ৰাখিব নোৱাৰি বাগৰি পৰিলোঁ।

 মাটিত পৰাৰ আগতেই তেওঁ মোক ধৰি পেলালে।

 ‘ওহোঁ, তুমি নোৱাৰিবা।’ তেওঁ ক'লে।

 ছোৱালীজনীৰ সৈতে ধৰাধৰিকৈ মানুহজনে কোনোপ্ৰকাৰে মোক গাধটোৰ পিঠিত তুলি দিলে। মই দুয়ো হাতেৰে ভালদৰে ধৰাৰ পাছত গাধটোক টানি লৈ যাবলৈ ধৰিলে। চাৰিওফালে জঁপিয়াই জঁপিয়াই কুকুৰটোও আগবাঢ়িল আগে আগে।

 ৰাস্তাৰ কাষত শাৰী শাৰী নাৰিকলৰ গছ। সমুদ্ৰত মই তৃষ্ণা সহ্য কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া এনেদৰে শাৰী শাৰী নাৰিকল গছৰ মাজেৰে গাধৰ পিঠিত উঠি গৈ থাকোঁতে ভাব হ'ল আৰু এক মুহূৰ্তও মই নোৱাৰিম। মই নাৰিকলৰ পানী খাব বিচাৰিলোঁ।

৮৪