পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুকুৰটোৱে মোৰ আঁঠুৰ ঘা টুকুৰা চেলেকিছে। তেওঁ আনকি তেতিয়াও নিৰ্বিকাৰ।

 ‘তুমি মুৰ্গীৰ নাৱিক নেকি?’— তেওঁ সুধিলে। সাগৰ তীৰৰ কাষেৰে গাহৰি আৰু মুৰ্গী কঢ়িয়াই নিয়া বেপাৰী জাহাজবোৰৰ কথাই হয়তো ভাবি সুধিছিল মানুহজনে।

 ‘নহয়, মই নৌ বাহিনীৰ নাৱিক।’

 এইবাৰ লৰচৰ কৰিলে তেওঁ। ৰাইফলটো পুনৰ পিঠিত তুলি ল'লে, টুপীটো পিন্ধি ল'লে আৰু শান্তভাৱে ক'লে—

 ‘বন্দৰলৈ মই অলপ তাঁৰ আনিবলৈ যাওঁ, সোনকালে উভতি আহিম।’

 মই ভাবিলোঁ, অজুহাত দেখুৱাই মানুহটোৱে নিশ্চয় পলাবলৈ বিচাৰিছে।

 ‘তুমি সঁচাকৈয়ে উভতি আহিবানে?’— কাতৰ কণ্ঠৰে মই অনুৰোধৰ ভংগীত সুধিলোঁ।

 ‘আহিম।’— মানুহজনে উত্তৰ দিলে।

 মোৰ পিনে চাই দয়াশীল মানুহৰ দৰে হাঁহিলে। তাৰ পাছত গাধটোৰ পিছে পিছে খোজ দিলে। কুকুৰটোৱে তেতিয়াও মোৰ ওচৰত, সি গোন্ধ শুঙিছে।

 মানুহটো কিছুদূৰ যোৱাৰ পাছত হঠাৎ মই তাক চিঞৰি সুধিলোঁ— ‘এইখন কি দেশ?’

৮৩