পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লাহে মূৰটো তুলিলোঁ। এটা মিনিট গ'ল, দুটা মিনিট গ'ল। কুকুৰৰ মাত কাষ চাপি আহিছে। তাৰ পাছত হঠাৎ সকলো নীৰৱ। কেৱল সাগৰৰ ঢৌ আছাৰ খাই পৰাৰ শব্দ। নাৰিকলৰ ফাঁকে ফাঁকে বৈ অহা বতাহৰ সোঁসোঁৱনি।

 মোৰ জীৱনৰ সবাতোকৈ দীঘল মিনিটটো শেষ হ’ল— আগুৱাই আহিল এটা কুকুৰ। পিছে পিছে এটা গাধ, দুয়োকাষে ওলমি আছে দুটা খৰাহি। একেবাৰে শেষত খোজকাঢ়ি আহিছে শ্বেতকায় এজন মানুহ। মূৰত খেৰৰ টুপী, আঁঠুলৈ ভাঁজ কৰি লোৱা পেণ্ট, পিঠিত ওলমিছে এটা বন্দুক।

 ৰাস্তাৰ কেঁকুৰিটো ঘূৰিয়েই সি মোক দেখিলে। হতবাক হৈ থমকি ৰ’ল। কুকুৰটোৱে নেগুৰ তুলি মোৰ একেবাৰে কাষ চাপি আহিল আৰু শুঙিবলৈ ধৰিলে। মানুহজন তেতিয়াও চুপ-চাপ। বন্দুকটো কান্ধৰ পৰা নমাই কুণ্ডাটো মাটিত থৈ কেৱল নিৰীক্ষণ কৰি গৈছে।

 কিয় নাজানো, মোৰ ধাৰণা হ’ল যে নিশ্চয় মই কেৰিবিয়ানৰে ক'ৰবাত আছোঁ। কিন্তু কলম্বিয়াত নহয় ৷ মোৰ মতে কথা বুজি পাব নে নাই নাজানো, তথাপি সিদ্ধান্ত ল'লোঁ যে স্পেনিছ ভাষাতে কথা ক'ম।

 ‘ছেন’ৰ, মোক সহায় কৰা।’

 কোনো উত্তৰ নিদিলে তেওঁ। তেতিয়াও তেওঁৰ চকুত বিস্ময়। অপলক নেত্ৰে কেৱল চাই ৰৈছে। বন্দুকটো মাটিত গুঁজি থোৱা আছে। মোক গুলী কৰি মাৰি পেলাওক। এয়া মোৰ প্ৰাপ্য। মনতে ভাবিলোঁ মই। কুকুৰটোৱে মোৰ মুখখন অবিৰাম চেলেকিছে। খেদি পঠিওৱাৰো মোৰ ক্ষমতা নাই।

 ‘মোক সহায় কৰা।’— ব্যাকুল কণ্ঠে মই আকৌ ক'লোঁ। মানুহজনে নিশ্চয় মোৰ কথা বুজিব পৰা নাই।

 ‘তোমাৰ কি হৈছে?’ বন্ধুত্বসুলভ কণ্ঠৰে প্ৰশ্ন কৰিলে মানুহজনে।

 তেওঁ যেতিয়া মোক এই কথা সুধিলে, ইয়াৰ উত্তৰ দিয়াটো মোৰ বাবে আছিল কঠিনৰো কঠিন কাম। ভোক, পিয়াহ, হতাশাই মোক যিমান কষ্ট দিছে, তাতোকৈও অধিক কষ্টকৰ এই কথা কোৱাটো যে মোৰ কি হৈছে!

 ডিঙি শুকাই গৈছে, তথাপি নিশ্বাস বন্ধ কৰি মই ক'লোঁ— ‘মই লুইজ এলজাণ্ড্ৰো ভেলাছকো। জাতীয় নৌ বাহিনীৰ ডেষ্ট্ৰয়াৰ কালডাছৰ এজন নাৱিক। ২৮ ফেব্ৰুৱাৰীৰ দিনা মই সমুদ্ৰত ডুব গৈছিলোঁ।’

 মোৰ বিশ্বাস সমগ্ৰ পৃথিৱীয়ে মোৰ এই দুৰ্ঘটনাৰ কাহিনী জানি গৈছে। মোৰ নাম কোৱাৰ লগে লগে তেওঁ মোক চিনি পাব আৰু মোক সহায় কৰিবলৈ পাই কৃতাৰ্থ হ’ব। কিন্তু তেওঁ অলপো প্ৰতিক্ৰিয়া নেদেখুৱালে। য'ত আছিল তাতেই থিয় হৈ ৰ'ল।

৮২