পৃষ্ঠা:ডুবন্ত জাহাজৰ দুৰন্ত নাৱিক.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গ'লোঁ। কোমল বতাহ বলিছে। পানীৰ আৱাজত বুজিছোঁ— মই আগুৱাই গৈ আছোঁ। বঠা মাৰি মাৰি অৱশেষত ভাগৰি পৰিলোঁ, বিশ্ৰাম ল’বলৈ ইচ্ছা গ'ল। কিন্তু নাই, পুনৰ সজোৰে মুঠা মাৰি ধৰিলোঁ ব’ঠাত, পৰম আশাৰে। পাৰ মই পাবই লাগিব। এতিয়া মাজনিশা। তথাপি মাৰি গৈ আছোঁ ব’ঠা।

 এজন সংগী

 দুপৰ নিশা। ঠিক দুই বজাৰ পাছত মই একেবাৰেই বিপৰ্যস্ত হৈ পৰিলোঁ। ব’ঠা দুপাট দেহৰ ওপৰত থৈ শুবলৈ চেষ্টা কৰিলোঁ। পিয়াহত মই কাহিল হৈ পৰিছোঁ। মই ইমানে ক্লান্ত যে মূৰটো ব’ঠাৰ ওপৰত থৈ যেন মৰিবলৈহে নিজকে এৰি দিলোঁ আৰু ঠিক তেতিয়াই দেখিবলৈ পালোঁ জেম মাঞ্জাৰাৰ্ছক। ডেষ্ট্ৰয়াৰৰ ডেকত বহি বন্দৰৰ পিনে আঙুলিয়াই দেখুৱাইছে। বোগোটাৰ জেম নৌবাহিনীৰ সকলোতকৈ পুৰণি বন্ধু। মোৰ আনবোৰ বন্ধুলৈকো মনত পৰিল। সিহঁতৰ বা কি হ’ল? বোটত উঠিবলৈ সক্ষম হ’ল নে নাই? ইমান সময়লৈ মোৰ কেতিয়াও জেমৰ কথা মনলৈ অহা নাছিল। কিন্তু তাক এতিয়া চকু মুদি দেখিবলৈ পালোঁ। সি হাঁহিছে। বন্দৰলৈ আঙুলিয়াইছে। জাহাজৰ ডাইনিং হলত বহি আছে মোৰ মুখামুখিকৈ। হাতত প্লেটভৰ্তি ফল আৰু কণীভজা।

 আঃ মই সপোন দেখিছোঁ নেকি? কিন্তু চকু মেলিলেই সকলো নোহোৱা হৈ যায়, মুদিলেই পুনৰ দেখিবলৈ পাওঁ জেমক। হুবহু সেই দৃশ্য। ঠিক কৰিলোঁ, তাৰ সৈতে কথা পাতিম। প্ৰথমে কি সুধিলোঁ মনত নাই। সিনো কি উত্তৰ দিলে সেয়াও মনত নাই। আমি যেন দুয়ো ডেকৰ ওপৰত বহি কথা পাতিছোঁ। তাৰ পাছত হঠাৎ ঢৌৰ প্ৰচণ্ড খুন্দা। এঘাৰ পঞ্চাছৰ পৰা সেই সৰ্বনাশী ঢৌ। মই জাঁপ মাৰি থিয় হ'লোঁ। সমস্ত শক্তিৰে চেষ্টা চলালোঁ— যাতে পৰি নাযাওঁ। আকাশখন ক’লা গৈছে। ইমানে ক্লান্ত যে শুবও পৰা নাই। অন্ধকাৰে মোক আৱৰি ধৰিছে। বোটৰ আনটো মূৰৰ পিনে যোৱাৰো ইচ্ছা নহ'ল মোৰ। সপোনৰ আৱেশত মই তেতিয়াও ডুবি আছোঁ। জেমক দেখিবলৈ পালোঁ। নীলা পেণ্ট আৰু কামিজ, মূৰত কাণৰ পিনে হেলনীয়াকৈ পিন্ধা টুপী— য'ত লিখা আছে — ‘এ আৰ চি কালডাছ।’

 ‘হেল্লো?’, ভূমিকা নোহোৱাকৈ সুধিলোঁ— 'তুমি পানী ঠিকমতে খাইছানে?’ সি সুধিলে।

 ‘আমি দেখোন কাৰটাজেনা পালোঁহি আৰু।’ উত্তৰ দিলোঁ মই— ‘মই ৰেমন হেৰোৰাৰ সৈতে ষ্টাৰ্ন ডেকত বিশ্ৰাম লৈছিলোঁ।’

 এয়া কোনো ভৌতিক কাণ্ড নহয়। মই ভয়ো খোৱা নাই। মোৰ নিজকে অদ্ভুত লাগিছিল অকলে অকলে। গমেই পোৱা নাছিলোঁ যে ইমানপৰে বোটত আৰু এজন

৪২