পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
জনকাব্য

(চ) প্ৰীতি-ৰাগ

একবিংশ অধ্যায়

ধান কাটিবৰ  হেঙুলীয়া কাচিখন,
 এখনিয়ে নাকাটে বন।
ঘৰতে আছে মোৰ  নুমলীয়া পিলিঙা,
 পথাৰত নপৰে মন॥ ৪০১।

ঠুৰিয়াই কাটিলা  তামোল তিনিখনি,
 নুৰিয়াই বান্ধিলা পাণ।
পথাৰে পথাৰে  বিচাৰি ফুৰিলোঁ,
 ক’ত দাই আহিলা ধান॥ ৪০২।

কেলৈ আহিলা  দিনৰে দুপৰত,
 দেখি মৰম লাগে মোৰ।
এই দুপৰীয়া  যৌৱন কুমলীয়া,
 লোৱাঁহি প্ৰেমৰে জুৰ॥ ৪০৩।

শিলৰ খটখটি  বগী চক্চকী,
 লুইতে খেড়ি খেলায়।
বুকৰে মাজতে ফটিকৰ ডম্বৰু,
 মন উৰি উৰি যায়॥ ৪০৪।

ইয়ে বোলে বেপাৰী,  সিয়ে বোলে বেপাৰী,
 নালাগে বেপাৰৰ ধন।
ঘৰতে থাকিবা  ৰামায়ণ পঢ়িবা,
 শুনি থাকিবৰ মন॥ ৪০৫।

লুইতৰ বালি  বগী চক্চকী,
 কাছই কণী কণি পাৰে লেখি।
গাত জুই জ্বলিছে,  সৰিয়হ ফুটিছে,
 চেনাইক পানীঘাটত দেখি॥ ৪০৬।

লুইতৰ বালি  বগী চক্চকী,
 কাছই কণী পাৰে লেখি।
হাঁহিবৰ চলেৰে  কান্দি পঠিয়ালোঁ,
 চেনাইক পানীঘাটত দেখি॥ ৪০৭।

তুমি যে যাবাঁগৈ  ডিবুৰু জিলালৈ,
 আমালৈ আনিবা কি।
আমালৈ আনিবা  বন-কৰা মেখেলা
 মাজত বুটা বাচি দি॥ ৪০৮।

কিনো তোৰ অমাতৰ  মাত, ঐ লাহৰী,
 কিনো তোৰ অমাতৰ মাত।
তোৰে মাত শুনি  আথানি-আবানি,
 এৰি যাওঁ পেটৰে ভাত॥ ৪০৯।

ঠুৰিয়া তামোলক  নুৰিয়াই দি যাম,
 তাক মেলি খাবা বাটত।
দুটি সুমথিৰাৰ  এটি দি পঠিয়াম,
 উমলি যাবাগৈ লগত॥ ৪১০