পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
ফাগুনী

ৰাঙলী হৰিণীৰ  জিবা, সমনীয়া,
 ৰাঙলী হৰিণীৰ জিবা।
ঘৰত মন পাৰি  থাকিব নোৱাৰোঁ,
 কোনোবাই খুৱালে কিবা॥ ৩৯৬।

হাবিত জুই লাগিলে, কুকুহা উৰিলে,
 দৰিকে খুচৰি খায়।
বনৰ পশু-পখী  দিছে যোৰ পাতি,
 আমাৰ যোৰ পাতোঁতা নাই॥ ৩৯৭।

তোমাৰ চুলিটাৰি  মেঘ-বৰণীয়া,
 জামুকে বোলোৱা দাঁত।
ওচৰ চাপি চাপি  নাহিবা, লাহৰী,
 অগনি জ্বলিছে গাত॥ ৩৯৮।

ৰদৰ কাঁচলিত  ৰৌ মাছ বাচিলোঁ,
 কমাৰৰ ঘৰৰে দা।
আমাৰ কাষ চাপি  নাহিবা, সাদৰী,
 কমোৱা তুলাৰে গা॥ ৩৯৯।

হাঁতী দাঁতৰ থুৰিয়া,  নেজ বাখৰ পতোৱা,
 কাণে লওঁ মূৰে লওঁ কৰে।
নখত তেল ঘঁহি  নাহিবা, বান্ধৈ ঐ,
 মন মোৰ কেনেবা কৰে॥ ৪০০।