পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
ফাগুনী

মাৰো নৰকী, বাপেৰো নৰকী,
 দিলে নৰকত বুৰ।
তাতোকৈ নৰকী  সৰুটো ককায়েৰ,
 ৰাতি খেদি ফুৰে চোৰ॥ ৩৭৬।

গধূলি ভাত খাওঁ,  পধূলি ওলাই যাওঁ,
 গাত মাৰি চেলেঙৰ ছাটি।
তোমাক নেদেখি  কৰোঁ ছাটিফুটি,
 দেহে কৰে উজনি-ভাটি॥ ৩৭৭।

তেলৰ বাটিত  তেল মলঙিল,
 গাত মলঙিল ঘাম।
পদূলি মুখতে  সুহুৰি মাৰিবা,
 দুয়ো একেলগে যাম॥ ৩৭৮।

ভাতৰ কাঁহী আগত লৈ  তোলৈ মনত পৰে,
 মাগুৰি ধানৰে ভাত।
পদূলি মুখতে  সুহুৰি মাৰিলোঁ,
 ওলাই তেও নিদিলা মাত॥ ৩৭৯।

তুমি যত বেলি  সুহুৰি মাৰিলা,
 মই তত বেলি কান্দো।
কেচা খৰি বুলি  আফালি-সাফালি,
 ধোঁৱাই খালে বুলি কান্দো॥ ৩৮০।