পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগকথা

প্ৰথম প্ৰকাশ

এফালে জনম আৰু মৰণৰ মাজত জীৱনটো যেনেকৈ পদুম পাতৰ পানীটোপাৰ দৰে টলবল কৰিব লাগিছে, আনফালে হাঁহি-চকুলো, আশা-নিৰাশা, প্ৰেম-ঘৃণা, ভয়-ভক্তি আৰু আবেগ-উদ্বিগ্নতাৰ মাজত তেনেকৈ সদৌ বিশ্ব-সাহিত্যৰ সুত্ৰপাত হৈছে। অনন্ত পথৰ যাত্ৰী মানুহৰ ইহাতে যিদৰে অনুভূতি, প্ৰেম, দয়া; সিহাতে সিদৰে কঠোৰ কৰ্ত্তব্য-জ্ঞান; ইপিনে মানুহ যেনে কৰ্মশীল, সিপিনে তেওঁ তেনে স্বপ্নময়। বুৰঞ্জী টুকি থোৱা সেই বাহিৰৰ মানুহটিৰ চলন-ফুৰণ আৰু কাৰ্য্যৱলীৰ বিৱৰণ যেনে আৱশ্যকীয়, তেওঁৰ ভিতৰত লুকাই থকা মানুহটিৰ কল্পনাখিনিৰ লেখ-বুজো ঠিক তেনে লাগতিয়াল; কিয়নো বাহিৰ-জগতৰ কাৰ্য্যসমূহৰ নিজৰা ভিতৰ-জগতৰ এই কল্পনাত। যি ভাষাত মানৱ প্ৰকৃতিৰ এই প্ৰধান অল্প প্ৰেম-ভক্তি আনি পিছৰ জগতৰ বাবে সাঁচি ৰখা হয় সেয়ে সাহিত্য,—সুকুমাৰ কলাৰ সহায়ত সত্য আৰু সুন্দৰৰ সাজ পিন্ধি ওলোৱা জীৱনৰ অভিব্যক্তি।

 সকলোৱে ভাব-প্ৰকাশৰ কিছুমান সঙ্কেত বা ভাষা আছে, পিছে আটাইৰে সাহিত্য নাই; সেইদেখি সদৌৱে নিজৰ মনৰ ভাববোৰ স্থাৰী কৰি পিছৰ জগতলৈ সাঁচি-সামৰি যাব নোৱাৰে৷ কিন্তু অসমীয়া চহা জীৱনৰ দৰে জগতৰ অনেক জাতিৰ নিৰক্ষৰ সমাজৰ ভিতৰত সাহিত্যৰ সম্পূৰ্ণ উপযোগী এনে ভালেমান গীত-মাত যোজনা-ফকৰা আছে যিবোৰ লিপিবদ্ধ হোৱা নাই আৰু যিবোৰ প্ৰকাশ কৰিলে বিশ্ব-সাহিত্যৰ কলেবৰ আৰু মূল্য বহুত বাঢ়ে। সভ্যতাৰ পোহৰ আগবঢ়াৰ লগে লগে ইফালে মানুহ যেনেকৈ প্ৰাকৃতিক অৱস্থাৰ পৰা ভালেখিনি আঁতৰি আহিছে, সিফালে সেইদৰে সাহিত্যতো নানা কৃত্ৰিমালি সোমাইছে; সেইদেখি এইবোৰ মাৰ্জিত সাহিত্যত অকপটতাৰ অভাৱৰ গুণে প্ৰকৃত মানুহৰ ভিতৰ-জগতখনৰ ভাল বিশ্বাসযোগ্য দাপোণ আমি নাপাওঁহঁক। মূল মানৱ প্ৰকৃতিৰ স্বৰূপ ইতিহাস সেইবাৰে ধৰা পৰে এই গীত-মাতবোৰৰ মাজেদিহে, যিবোৰ প্ৰচলিত আছে এতিয়াও এনে সমাজত যি এতিয়ালৈকে সভ্যতা-বৃক্ষৰ গুটিৰ জুতি পোৱা নাই।