পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
জনকাব্য


অষ্টাদশ অধ্যায়

তামোলৰ ঢকুৱা  জোনাকী পৰুৱা,
 কিয় মন মাৰি থাক।
থাকোঁ মন মাৰি,  লোকৰ ঘৰ-বাৰী,
 কাইলৈ উলিয়াই দিব॥ ৩৪১।

চৰায়ে তুলিলে ছঅঁৰা পোৱালী,
 গছৰ ডাল শুৱনী কৰি।
আমাকো তুলিলে  আয়ে-বোপায়ে,
 লোকৰ ঘৰ শুৱনী কৰি॥ ৩৪২।

আগ বাৰী শুৱনী  কাকিনী তামোল ঐ,
 পিছ বাৰী শুৱনী পাণ।
বৰ ঘৰ শুৱনী  জীয়ৰী ছোৱালী,
 উলিয়াই দিবলৈ টান॥ ৩৪৩।

সৰুতে পিতাদেউ  জকাই সাজি দিছিলা,
 নালতো বিন্ধিলে ঘূণে।
দিখৌ পাৰ কৰি  দিবা বিয়া পাতি,
 সৰু মাছ মাৰিব কোনে॥ ৩৪৪।

নাও সাজিবলৈ  লাগে কত বেলি,
 বঠা সাজিবলৈ টান।
বোৱাৰী হবলৈ  লাগে কত বেলি
 জীয়ৰী হবলৈ টান॥ ৩৪৫।