পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
ফাগুনী

মুঠি মুঠি কৰি  টোলোঠা ঘূৰিলে,
 তাঁততে হাঁচটি বওঁ।
চকুলৈ নাচাবি,  হেৰ সোণামুৱা,
 সম্বন্ধত বৌৱেৰহে হওঁ॥ ৩৩৬।

দীঘলে-বানিয়ে  তাঁত বাতি কৰোঁ মই,
 লেখে বুঢ়ী আয়ে বিহা।
ভালকৈ লেখি  বুকুৰে বুঢ়ী আই,
 সতিনী-অঁহীয়া ৰিহা॥ ৩৩৭।

হাঁচটি হাঁচটি   কৰ তই, ডেকাটি,
 হাঁচটি ৰাখিছোঁ বই।
হাঁচটি পাবি তই,  মোকহে নাপাৱ,
 কান্দিবি আগতে লই॥ ৩৩৮।

ওপৰৰ পৰা  তললৈ হালিলে,
 মামৈ তামোলৰ ঠোক।
লাগে চাৰি কুৰি  ভৰিব পাৰোঁ মই,
 এৰিব নোৱাৰোঁ তোক॥ ৩৩৯।

ঘৰৰো ওপৰে  ঘৰ, সোণামুৱা,
 ঘৰৰো ওপৰ ঘৰ।
ঘৰৰ ওপৰে  দি যাওঁ তামোলখনি,
 দুই হাত পাতিয়ে ধৰ॥ ৩৪০।