পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
জনকাব্য

কি মাছ মাৰিবৰ  এলেঙ, সোণামুৱা,
 কি মাছ মাৰিবৰ এলেঙ।
পৰুৱা শিপিনীৰ  টোলোঠা কাটোঁতে,
 ফাটিল সৰু সূতাৰ চেলেঙ্॥ ৩৩১।

পথাৰৰ মাজৰে  মূঢ়া, সোণামুৱা,
 পথাৰৰ মাজৰে মূঢ়া।
পৰুৱা শিপিনীৰ  টোলোঠা কাটোঁতে,
 গাৱঁৰ মৰিল চাৰি বুঢ়া॥ ৩৩২।

কি মাছ মাৰিবৰ  শ'ল, সোণামুৱা,
 কি মাছ মাৰিবৰ শ’ল।
পৰুৱা শিপিনীৰ  টোলোঠা কাটোঁতে,
 এমাহে এটি যুগ গ’ল॥ ৩৩৩।

খুৱাই পঠিয়ালোঁ  দেৱা কৰকৰা,
 ধুৱাই পঠিয়ালোঁ ভৰি।
চাকিৰে পোহৰত  সজাই পঠিয়ালোঁ,
 সোণামুৱাক পিলিঙা কৰি॥ ৩৩৪।

পৰুৱাই ৰান্ধিলে,  পৰুৱাই বাঢ়িলে,
 পৰুৱাই নাখালে ভাত।
ৰাতিৰে ৰাতিটো  কাটে সৰুসূতা,
 পুৱালৈ তৰি যায় তাঁত॥ ৩৩৫।