পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
ফাগুনী

আহুৱে-শালিয়ে  মৰণা মাৰিলোঁ,
 জোকাৰি পেলালোঁ খেৰ।
উজনি ৰাজতে  টোলোঠাৰ গছৰে
 ষোল হাত এমুঠন বেৰ॥ ৩২৬।

ভাত ৰান্ধি দিয়াঁ  খাওঁ ঐ পৰুৱা
 পানী আনি দিয়াঁ খাওঁ৷
গাৱঁৰ চুবুৰীয়াক  মাতি দিয়াঁ, পৰুৱা,
 টোলোঠা কাটোগৈ যাওঁ॥ ৩২৭।

হাবিত উৰিবৰ  তুলা, সোণামুৱা,
 হাবিত উৰিবৰ তুলা।
এটি দুটি কৰি  আহিল চুবুৰীয়া,
 টোলোঠা কাটিবৰ বেলা॥ ৩২৮।

ছাগ কিনি আনা,  দি যাওঁ বলি কাটি,
 চৰাওঁ মহেশ্বৰক ভোগ৷
নাম-গুৰু-ভকতক  শিৰত তুলি ললে,
 গছত মাৰিলে কোব॥৩২৯৷

নাওখন বাবৰ  উঠাৰ, ঐ পৰুৱা,।
 নাওখন বাবৰ উঠাৰ৷
পৰুৱা শিপিনীৰ  টোলোঠা কাটোতে,
 ছঅঁৰা ভাগিলে কুঠাৰ॥ ৩৩০৷